সৰভোগৰ জীয়ৰী অলিস্মিতালৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান: গৌৰৱান্বিত সৰভোগবাসী

অসম সংবাদ,সৰভোগ: অসমৰ অন্যতম সামাজিক সাংস্কৃতিক গোষ্ঠী “ৰ’দালীয়ে” ঘোষণা কৰা দশম ৰ’দালী বঁটাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি সৰভোগলৈ গৌৰৱ কঢ়িয়াই আনিলে সৰভোগৰ জীয়ৰী অলিস্মিতা গোস্বামীয়ে।

উল্লেখ্য যে, অসমৰ অন্যতম সামাজিক সাংস্কৃতিক গোষ্ঠী “ৰ’দালীয়ে” যোৱা দহটা বছৰ ধৰি অসমৰ সামাজিক আৰু সাংস্কৃতিক দিশত আগবঢ়াই অহা কাৰ্যসূচীৰ বিভিন্ন শিতানসমূহত শ্ৰেষ্ঠত্বৰ বঁটা প্ৰদান কৰি আহিছে । সেই অনুযায়ী ২০০১৭-১৮ বৰ্ষৰ বাবে দশম ৰ’দালী বঁটাসমূহ ঘোষণা কৰা হয়। কিছু দিন পূৰ্বে যোৰহাটত অনুষ্ঠিত এক সংবাদমেল যোগে অসমৰ নাট্য ক্ষেত্ৰ, বোলছবি, ভ্ৰাম্যমাণ, অসমীয়া ধাৰাবাহিক আদি বিভিন্ন ক্ষেত্ৰসমূহৰ বঁটাসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। সেই অনুযায়ী অসমীয়া ধাৰাবাহিকৰ দশম ৰ’দালী বঁটাৰ শ্ৰেষ্ঠ ধাৰাবাহিকৰ বঁটা লাভ কৰে “আইনা”ই। শ্ৰেষ্ঠ মনোৰঞ্জনধৰ্মী ধাৰাবাহিকৰ বঁটা লাভ “বেহাৰবাৰী আউটপোষ্ট”ৰ। আনহাতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে সিদ্ধাৰ্থ শৰ্মা(বেহাৰবাৰী আউটপোষ্ট) আৰু শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰে সৰভোগৰ জীয়ৰী অলিস্মিতা গোস্বামীয়ে(আইনা)। শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে “আইনা” ধাৰাবাহিকৰ পৰিচালক খগেন ডেকাই। শ্ৰেষ্ঠ সহ অভিনেতা বঁটা উত্তম বৰুৱা(আইনা) আৰু শ্ৰেষ্ঠা সহ অভিনেত্ৰীৰ বঁটা তৃষ্ণা কুৰ্মী(আইনা)য়ে লাভ কৰিবলৈ সক্ষম হয়।

সৰভোগৰ জীয়ৰী অলিস্মিতাৰ প্ৰতিভাৰ শ্ৰেষ্ঠত্বই সৰভোগ তথা বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰাইজক উৎসাহিত কৰি তুলিছে। অলিস্মিতা বৰনগৰ অঞ্চলৰ এগৰাকী সচেতন সাংস্কৃতিক কৰ্মী তথা নাট্য অভিনেত্ৰী। অঞ্চলটোৰ ৰাইজে অলিস্মিতা আৰু আগবাঢ়ি যোৱাতো কামনা কৰিছে।

মন্তব্য

পঢ়িব পাৰে

নাজিৰাত মদ ব্যৱসায়ীয়ে স্ব-ইচ্ছাই ত্যাগ কৰিলে অবৈধ মদ ব্যৱসায়

অসম সংবাদ, নাজিৰা: মদ বেপাৰীয়ে স্ব-ইছ্বাই ত্যাগ কৰিলে অবৈধ মদ ব্যৱসায়। ইয়াৰ উপৰিও ব্যক্তিকেইজনে নিজ …