“নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬”ৰ আধাৰ আৰু কিছু প্ৰসঙ্গ…

অবিনাশ পাটনায়ক

বিষয়টোক লৈ কেইটামান শব্দ সাঙোৰ খাই আছে- ধৰ্মীয় সংখ্যালঘু, হিন্দু বাংলাদেশী, নাগৰিকত্ব আইন- ১৯৫৫, ১৯৫১ৰপৰা ১৯৭১ লৈ প্ৰব্ৰজিত জনসমাজ, পূৱ পাকিস্তান (১৯৭১ চনত ভাৰতৰপৰা ভাগ হওঁতে হয় বাংলাদেশ), পশ্চিম পাকিস্তান, আফগানিস্তানৰ কথা…
মন কৰিবলগীয়া যে বিধেয়কখনত ‘হিন্দু বাংলাদেশী’ শব্দৰ উল্লেখ নাই, আনকি ১৯৫৫ চনৰ নাগৰিক আইন বা সংবিধানতো উল্লেখ নাই তাৰ পৰিৱৰ্তে ‘ধৰ্মীয় সংখ্যালঘু’ বুলিহে উল্লেখ আছে ৷
১৯৫৫ চনৰ নাগৰিকত্ব আইনে আফগানিস্তান, পশ্চিম পাকিস্তান আৰু পূৱ পাকিস্তানত থকা ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে সংবিধানত উল্লেখ কৰি ৰাখিছে যে- “কোনো এজন ধৰ্মীয় সংখ্যালঘুৰ ব্যক্তি ভাৰতবৰ্ষত সেই দেশৰ নথিৰ সৈতে আহি ১১ বছৰ বসবাস কৰিলেই নাগৰিকত্ব পাব ৷ ” কিন্তু, পূৱ পাকিস্তান ৭১ চনৰ পৰা বাংলাদেশ নামকৰণ হৈ যোৱা বাবে ভাৰতৰ সংবিধানৰ নাগৰিক আইনখনত বাংলাদেশ বুলি নথকাত পশ্চিম পাকিস্তান আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু সকলে, যেনে- হিন্দু, শিখ, ফাৰ্চী, ইহুদী, জৈন, বৌদ্ধিষ্ট আদি ভাৰতত পোৱাৰ দৰে নাগৰিকত্বৰ ক্ষেত্ৰত থকা সুবিধাবোৰ পোৱাত বাধা আহি পৰিল ৷ তাৰমানে ৭১ চনৰ পিছত অহাসকল নাগৰিকত্বৰ বাবে দাবীদাৰ হ’ব নোৱাৰে ৷ দ্বিতীয়তে, আমি চ’চিয়েল মিডিয়াৰ যোগে জ্ঞাতই ভিন্ন সময়ত ভিন্ন কাৰণত সেই ৰাষ্ট্ৰবোৰত ধৰ্মীয় সংখ্যালঘুসকল অত্যাচাৰিত হৈ ভাৰতলৈ আহিবলগা হৈছিল, য’ত হয়তো সেই দেশৰ যাৱতীয় নথিও লগত নাথাকিব পাৰে আৰু বাংলাদেশৰ পৰা অহাসকলৰ প্ৰধান সমস্যা হৈ পৰিল দেশৰ দুটা নাম হোৱাত- নথিৰ ত্ৰুটি ! অথচ তেওঁলোক ধৰ্মীয় সংখ্যালঘু !
এইফালে ভাৰত চৰকাৰে ১৯৫৫ চনৰ নাগৰিক আইন অনুসৰি সেই তিনিওটা ৰাষ্ট্ৰৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা, দায়িত্বৰ বাবে এই “নাগৰিক সংশোধনী বিধেয়ক-২০১৬” খনৰ যোগে কয় যে- বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুৱে ৬ বছৰ ভাৰতবৰ্ষত বসবাস কৰিলে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে, আগতে বসবাস কৰা দেশৰ কোনো নথিৰ প্ৰয়োজন নাই আৰু নথি নেথাকিলেও ধৰ্মীয় সংখ্যালঘুক অবৈধ অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰা নহ’ব ৷”
এতিয়া কথা হ’ল- ১৯৫৫ ৰ নাগৰিক আইনখনত সাংবিধানিকভাৱেই কৈছে যে, যি ভাৰতবৰ্ষৰ মাটিত জন্ম হৈছে, সি ভাৰতীয়, কিন্তু তেওঁৰ পিতৃ মাতৃ বৈধ ভাৰতীয় নাগৰিক যদিহে… সেইদৰে আমি অসমৰ অসমীয়াও… এতিয়া এই ‘নাগৰিক সংশোধনী বিধেয়ক-২০১৬’ৰ ভূমিকাত আমাৰ ক’বলগা কি ? য’ত বিষয়টোত লিপিত খাই আছে ‘অসম চুক্তি’ ৰ দৰে টোপোলা এটা আৰু ৮৬০ গৰাকী অসমীয়াৰ নিৰীহ তেজ, সত্তা, সতীত্ব, ত্যাগ… আৰু বহুতো ক্ষোভ… অসম চুক্তিৰ বিষয়বোৰৰ কেইটা কাৰ্যকৰী হ’ল? আৰু কিয় নহ’ল, কিয় কৰিব পৰা নগ’ল?? আছুৰ আৱাজেই আছিল, সেই আছুৰ বহুকেইজনেইচোন আজি সক্ৰিয় আসনত শাসন, পৰিৱৰ্তনৰ কোঠাত? কিয় পৰা নাই? ইয়াকে কয় নেকি একমাত্ৰ অসমীয়াৰ বাবে থকা বিশেষ ইচ্ছুকেন্দ্ৰিক ৰাজনীতি ? য’ত- সংবিধানেই মাত মতা নাই ধৰ্ম, জাতক লৈ তাতে আকৌ চৰকাৰৰ অভিভাৱকত্বত নাগৰিক সংশোধনী বিধেয়কখনৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ আৰু সদস্যইও ধৰ্মৰ ভিত্তি ৰাখি শুনানি গ্ৰহণ কৰিবলৈ অহা প্ৰকাশ ঘটিছে? আচলতে, এইটো এটা বৃটিছসদৃশ বণিকৰ হাতত বিক্ৰী যোৱা আমাৰ সমাজবাদী, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ- অসমীয়াক বিপথগামী কৰি জুৰুলা কৰাৰ অভিসন্ধি নেকি? এনেওতো, প্ৰতিখন চৰকাৰৰ সময়তে ভাতৃঘাটি সংঘৰ্ষবোৰ পোৱা হৈছেই, আমাৰ অসমত কি পোৱা নাযায় ধৰ্মৰ নামত যুদ্ধ, জাতৰ নামত, সম্প্ৰদায়ৰ নামত, বৰ্ণৰ নামত অন্যান্য সংঘাতবোৰতো আছেই… কিমাননো সহিব অসমৰ চহা বনুৱা দুখীয়া সমাজখনে… য’ত কৃষকৰ নিৰাপত্তা নাই, যাৱতীয় সা সুবিধাৰে কামত অহা আঁচনি নাই, ঋণ ব্যৱস্থাৰেতো সকলো লুটিপুটি লৈ ভেঁটিহীন কৰি মগনীয়া ভগনীয়া কৰিছে… আমাৰ অসমত কাঠফুলাৰ দৰে জন্ম পোৱা জাতীয় সংগঠনবোৰেও এনে গম্ভীৰ গুৰুত্বপূৰ্ণ দিশবোৰক লৈ কোনোদিন নিজৰ স্থিতি, প্ৰভাৱক চৰকাৰৰ ওচৰত পঞ্জীয়ণ কৰাব পৰা নাই… গতিকে কাক ভৰসা কৰি অসমৰ নিৰ্যাতিত জনসাধাৰণ নাগৰিকত্বৰ জয়গান গাব? বিজ্ঞাপনৰ দৰে ইচ্ছ্যু ওলাব, জাতীয় দৰদৰ কথাৰে আৱেগিক হৈ জনতা ওলাই আহিব, ধৰ্মঘট, অনশন, সংঘৰ্ষ, প্ৰতিবাদ কৰিব, প্ৰাণ যাব বহুতৰ, ঘুণীয়া হৈ পংগু হ’ব বহুত… শেষত ৰাজঘৰীয়াৰ মতেৰে যি দিবলগা সেই তাকে পাই এক হুমুনিয়াহৰ জীৱন পাৰ কৰাব লাগিব… আন্দোলন, বিপ্লৱ, সংগ্ৰামৰ উদ্দেশ্য জানো তেনেকৈয়ে থাকে ? কাৰবাবে হয় এয়া- চালকৰ বাবে, আমাৰ চালিকাশক্তিয়েহে কৰে! গাড়ীখন ঠিকেই থাকে, কিন্তু, গন্তব্য স্থান কুশলে গৈ পাবলৈ হ’লে চালকজনৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে তেওঁ সৎ হ’বই লাগিব ৷ নহ’লেই বিপদ অৱশ্যম্ভাৱী !!

আমি সকাতৰে এটা কথাই ক’ম – কোনো বিষয়ত, কোনো লোক বা সংগঠনে কোনোকাৰণতেই যেন ধৰ্ম আদিক লৈ মতদান বা প্ৰকাশ বা আচৰণ নকৰে, এয়া অনৈতিক, সংবিধানক কৰা অপমান এক ক্ষমাৰ অযোগ্য অপৰাধ ! অসমে আৰু অসমৰ বাসিন্দাই কোনোদিনে বিচৰা নাই আৰু নিবিচাৰে ৷
বিশেষকৈ, ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত বাংলাদেশ(পূৱ পাকিস্তান)ৰ পৰা অহা সকলহে অসমৰ বোজা নেকি? আৰু ভাৰতত সংস্থাপিত হ’বলগা ধৰ্মীয় সংখ্যালঘু (বিশেষকৈ বাংলাদেশৰ) অকল অসমতে যে কৰিব লাগিব সেই কথাৰ উল্লেখ নাই… গতিকে অন্য ৰাজ্যতো সংস্থাপিত কৰিব পৰা নাযায় নেকি?
এনেকৈয়ে বিষয়টোৰ প্ৰয়োজনীয়তা আৰু কাৰ্যকৰীতাৰ বাবে তথ্য পোৱা যায়- গতিকে এতিয়া আমি এই সংকটৰ সময়ত সকলো কথা শুদ্ধকৈ নিৰূপন কৰি “নাগৰিক সংশোধনী বিধেয়ক,২০১৬”ৰ ওপৰত এক নজিৰবিহীন দৃষ্টান্তমূলক ঐক্যমত শক্তিৰে যুঁজ দিব লাগিব- য’ত কোনো ধৰ্মৰ কথাই নাই, ধনী দুখীয়াৰ কথাই নাই, মতৰ মিল অমিল কথাই নাই… ঘৰৰ বদন, বিভীষণকো ৰেহাই নিদিয়াকৈ অৱাল বৃদ্ধ বনিতাই ওলাই আহিব লাগিব, তেহে বিভিন্ন ভাষা ভাষী, গোষ্ঠী, ধৰ্মৰ সমাহাৰেৰে গঢ় লৈ উঠিব বিচৰা অসমীয়া জাতিটো ৰ’ব, অন্যথা, আমাৰ সংঘবদ্ধ হোৱাৰ অৱহেলাতেই নিজেই নিজক ধ্বংস কৰাৰ পথ মোকলাই দিয়া হ’ব ৷ সময় যে একেবাৰেই নাই…!!!

মন্তব্য

পঢ়িব পাৰে

ৱিকিপিডিয়াত চাঞ্চল্যকৰ তথ্য: ভয়ানক স্থানৰূপে চিহ্নিত হ’ল ডকমকা

অসম সংবাদৰ প্ৰতিবেদন: প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেদৰ সজাই বিজ্ঞাপনৰ নামত লাখ লাখ টকাৰ …