নাজিৰাত ‘Mission Egg’ ৰ শুভাৰম্ভ: “Mission Egg- ঘৰে ঘৰে কুকুৰা”

অসম সংবাদ,নাজিৰা: চোতালতে কৰো কুকুৰা পালন, ঘৰতেই কৰো পুষ্টিকৰ কণীৰ উৎপাদন।মহকুমাধিপতি ৰাজীৱ থাপাৰ সভাপতিত্বত ২০০ ৰো অধিক মহিলাৰ অংশগ্ৰহনত বৃহস্পতিবাৰে এখন সভা অনুস্থিত হয়।মূলত গ্ৰাম্য অঞ্চলৰ পুৰুষ-মহিলা আৰু যুৱক যুৱতীসকলক স্বাবলম্বী কৰি আত্মনিয়োজনৰ দ্বাৰা কৃষিপ্ৰধান গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে অনুস্থিত কৰা হয় এই সভা।নাজিৰা মহকুমা প্ৰশাসন, বেচৰকাৰী সংগঠন ফেহুঁজালি আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নাজিৰা খণ্ড অভিযান পৰিচালনা শাখাৰ যৌথ উদ্যোগত অনুস্থিত হোৱা সভাত মহকুমাধিপতি ৰাজীৱ থাপাই Mission Egg ৰ শুভাৰম্ভ কৰি আগন্তক দিনত এই আঁচনিয়ে কেনেদৰে গ্ৰাম্য অৰ্থনীতি সৱল কৰাত অৰিহনা যোগাব তাৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।
সভাত অংশগ্ৰহন কৰি নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডা° জগদীশ বৰ্মনে উন্নত জাতৰ কুকুৰা বিজ্ঞানসন্মত ভাবে পালন কৰি কম সময়ত কিদৰে অধিক লাভবান হব পাৰি তাৰ উপৰত তথ্যমূলক আলোচনা আগবঢ়ায়।তেখেতে প্ৰাৰম্ভিক পৰ্যায়ত নাজিৰা মহকুমাৰ মাত্ৰ ৬ টা পঞ্চায়তৰ প্ৰতিটোতে মাত্ৰ ২৫০০ কৈ বৰ্ণশংকৰ প্ৰজাতিৰ কলিংগ ব্ৰাউন কুকুৰা পালন তথা নিয়মীয়া প্ৰতিষেধক প্ৰদানৰ জৰিয়তে ১৮ মাহৰ ভিতৰত কনী আৰু মাংস উৎপাদনৰ জৰিয়তে সামগ্ৰিক ভাবে ১ কোটিৰো অধিক উপাৰ্জন কৰাৰ এক প্ৰকল্প উপস্থাপন কৰে।ই এক নাজিৰা মহকুমা প্ৰশাসন, বেচৰকাৰী সংগঠন ফেহুজালি আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নাজিৰা খণ্ড অভিযান পৰিচালনা শাখাৰ যৌথ প্ৰচেষ্টা। সভাত মহকুমাধিপতিৰ উপৰিও অংশগ্ৰহন কৰে মহকুমা জনসংযোগ বিষয়া জয়ন্ত মাউত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প পৰিচালক ডেভিদ তিৰ্কী, খণ্ড সমন্বয়ক ক্ৰমে ৰঞ্জন দুৱৰা, মিণ্টু বৰুৱা, বন্দীপ বড়া, চুমী শইকীয়া, ববীতা চেতিয়া, ৰিণ্টু ফুকন, স্থানীয় সমাজকৰ্মী মনোজ গগৈ আদি ব্যক্তিসকলে।

মন্তব্য

পঢ়িব পাৰে

দৰঙৰ মঙ্গলদৈত শ্মশানত বাস এহাল বৃদ্ধ দম্পতীৰ: সহায়ৰ বাবে আগবাঢ়ি আহিল বহুজন

অসম সংবাদ, মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ মঙলদৈ ৰামহৰি চান্দোৱাল পাৰাত বিগত প্ৰায় 15 বছৰ মান ধৰি …