চৰাই হালধীয়া…পাখিও ধুনীয়া…: চৰাইৰ কথাৰে…

-ধীৰেণ শইকীয়া

আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস। চৰাইসমূহক সমগ্ৰ প্ৰকৃতিৰ আটাইতকৈ ৰঙিয়াল জীৱ বুলি জনাজাত ৷ সমগ্ৰ বিশ্বতে প্ৰকৃতিপ্ৰেমী সংস্থাসমূহে আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস পালন কৰিছে। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত পক্ষীৰ গুৰুত্ব অপৰিসীম। প্ৰকৃতিত আটাইতকৈ শান্ত,পৰিষ্কাৰ-পৰিছন্ন, নীতিনীষ্ঠ, পৰিশ্ৰমী আৰু ধৈৰ্যশীল জীৱ বুলি জনাজাত এই পক্ষীসমূহে যুগে যুগে পৃথিৱীখন প্ৰদূষণ মুক্ত কৰি ৰখাৰ পৰা আৰম্ভ কৰি  নৈসৰ্গিকভাৱেও সৌন্দৰ্য্যশালী কৰি ৰাখিছে। সেয়েহে হয়তু আজিও পক্ষীৰ কলকলনিতহে ৰাতিপুৱাই বুলি কোৱা হয়। আমাৰ অসমীয়া সংস্কৃতিতো বিভিন্ন চৰাইয়ে আহোম যুগৰে পৰা উল্লেখযোগ্য স্থান দখল কৰি আহিছে। মোগল যুগত বাৰ্তা প্ৰেৰণৰ বাবে পাৰ, কপৌ আদি চৰাইৰ ব্যৱহাৰ কৰাৰ কথা আমি জানো। সাধাৰণতে বিবিধ জলাশয়, অৰণ্যভূমি, পথাৰ, পৰ্বত-পাহাৰ আদিয়েই চৰাইৰ ৰম্যভূমি। সাধাৰণতে, পৃথিৱীত ৯ হাজাৰৰ পৰা ১২ হাজাৰ বিবিধ প্ৰজাতিৰ চৰাই আছে। কিন্তু সাম্প্ৰতিক কালত বনাঞ্চল হ্ৰাস, জলাশয় আৰু কৃষিভূমিৰ সংকোচনে চৰাইৰ জীৱনলৈ প্ৰচুৰ ভাবুকি মাতি আনিছে। লগতে যধে-মধে কৃষিভূমিত ৰাসায়নিক ঔষধ বা সাৰ ব্যৱহাৰ কৰাৰ ফলত সেইবোৰ খাই বহু চৰাইৰ মৃত্যু ঘটা দেখা যায়।  আনকি আধুনিক শিক্ষাৰে শিক্ষিত মানুহে নিজৰ খাদ্য তালিকাত চৰাইৰ মাংস অন্তৰ্ভুক্ত কৰাৰ বাবেও আজি চৰাইসমূহ বিলুপ্তিৰ গৰাহত। চোৰাংচিকাৰীৰ বন্দুকৰ গুলীতো ধাৰাশায়ী হব লগা হয় নিৰপৰাধী নিমাখিত চৰাইবোৰ। বিষাক্ত জীৱ জন্তুৰ মৃত্যু হ’লে সেই মৃতদেহ খাইও বহু চৰাইৰ মৃত্যু ঘটে। লগতে প্ৰদূষিত পৰিৱেশ আৰু অত্যধিক হৈ-হাল্লাৰ পৰিৱেশেও (উদ্যোগীকৰণেও চৰাইৰ সংখা কমাই আনিছে) শান্ত চৰাই সমূহক সিহঁতৰ বসবাসৰ ঠাই আমি এৰিবলৈ বাধ্য কৰাইছো।  বাৰ হেজাৰমান প্ৰজাতিৰ চৰাই থকা বিশ্বত প্ৰায় বাৰশ প্ৰজাতিৰ চৰাই আজি বিপন্ন বুলি ‘নেছাৰ’ পত্ৰিকাত প্ৰকাশ ।

জীৱশ্ৰেষ্ঠতকৈ সুকীয়া গুণেৰে বিভূষিত চৰাইবোৰ

জীৱ শ্ৰেষ্ঠ মানুহৰ দৰে চৰাইৰ মাজত নাই হাই-কাজিয়া, খিয়লা-খিয়লি ভাৱ।সেয়েহে, বহু ক্ষেত্ৰতেই চৰাইক সমগ্ৰ জীৱকুলৰ আদৰ্শ জীৱ বুলিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও। স্বাভাৱিকতে চৰাইবোৰ সংগীতপ্ৰিয়। আশী শতাংশ চৰায়ে গীত গাই কিম্বা নিজৰ সাংকেতিক ভাষাত লগৰীয়া চৰাইৰ লগত কথা পাতে। প্ৰায়ে শ শ চৰায়ে আকাশত দলৱদ্ধভাৱে  উৰি ফুৰা বা  বিদ্যুৎ তাঁৰত কিম্বা গছৰ দীঘলীয়া ডালত বহি কিবা কথা পাতি থকা আমি সৰুতে নিজ চকুৰে দেখিছিলো। আজিও দেখো। এইবোৰক আমাৰ ককাহঁতে তাহানি “চৰাই মেল”  বুলিছিল। সত্তৰৰ দশকত, প্ৰতিমাহে আমি এনে চৰাই সভা দেখিছিলোঁ। এই সভাবোৰত সভাপতিত্ব কৰিছিল এটাকৈ জ্ঞান গৰিমা থকা জ্যেষ্ঠ চৰাইয়ে।

চৰাইবোৰ ধেমালিপ্ৰিয়

সাধাৰণতে,চৰাইবোৰ যথেষ্ট ধেমালিপ্ৰিয়। ইহঁতৰ মাজত মানুহৰ দৰে ঠেঁহ-পেচ, মান-অভিমান নাই বাবেই চৰাইবোৰক স্বাভাৱিকতে উদাৰ জীৱ বুলি কোৱা হয়। জনামতে চৰাইৰ বাবে সমগ্ৰ পৃথিৱীখনেই সিহঁতৰ আপোন ঘৰ। সেয়েহে সুদুৰ চাইবেৰীয়াৰ পৰা বিনা বাধাই ২০/৩০ হাজাৰ কি:মি: অতিক্ৰম কৰি পৰিভ্ৰমী চৰাইসমূহ আমাৰ বিভিন্ন জলশয়লৈ আহে ৷

সাহিত্য-সংস্কৃতি আৱৰি আছে চৰাইয়ে

চৰাইক লৈ সাহিত্য সাংস্কৃতিক দিশতো অলেখ সৃষ্টি দেখা যায়। গীত-তথ্যচিত্ৰ-অংকিত চিত্ৰ-চিনেমা আদিত চৰাইৰ বিনন্দীয়া সৃষ্টি তুলি ধৰা হয়। জীৱকুলৰ আদৰ্শ জীৱ বুলিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও। আনকি, তেওঁৰ ৰচনাৰাজিত ৩২৮ বিধ প্ৰজাতিৰ বিবিধ চৰাইৰ কথা উল্লেখ কৰি চৰাইক এক সুকীয়া মৰ্যদা দিছিল।

ৰাজ্যৰ বিপন্ন প্ৰায় আঢ়ৈশমান প্ৰজাতিৰ চৰাই

দুখৰ কথা, আজিকালি আমাৰ ৰাজ্যখনতো আচৰিত ধৰণে চৰাইৰ সংখ্যা কমি আহিছে।এক পৰিসংখ্যামতে ভাৰতবৰ্ষতো  প্ৰায় চাৰে চাৰিশ প্ৰজাতিৰ চৰাই বিলুপ্তপ্ৰায় । আমাৰ ৰাজ্যত অতীজত দেখা পোৱা হেঁটুলুকা, ফেছুলুকা, হাইঠা, পাটমাদৈ, পৰঘুমা, পাতসিয়া, বালিঘোঁৰা, হাড়গিলা, তেলীয়াসাৰেং, চাকৈচকোৱা, ধৃতৰাজ, দেওহাঁহ আদি প্ৰায় আঢ়ৈশমান বিবিধ প্ৰজাতিৰ চৰাই বিগত বিশ বছৰত চাই থাকোঁতেই অসমৰ প্ৰকৃতিৰ পৰা ৰহস্যজনকভাৱে  নাইকিয়া হ’ল। ইয়াৰ কাৰণ হিচাপে বৈজ্ঞানিক বিশ্লেষণ কৰিলে পোৱা যায় যে চৰাইৰ আবাসভূমি আৰু খাদ্যৰ আচৰিতধৰণৰ সংকটে চৰাই প্ৰজাতিসমূহক পৃথিৱীৰ পৰা দ্ৰুতগতিত নাইকিয়া হৈ আহিছে ৷

পক্ষী বিশেষজ্ঞ চেলিম আলিৰ যুগজয়ী মন্তব্য

পক্ষী বিশেষজ্ঞ চেলিম আলিদেৱে তেওঁৰ অমূল্য গ্ৰন্থ “The handbook of birds of Pakistan and india”ত উল্লেখ কৰিছে যে—

ক)চৰাইৰ বাবে আমি পৃথিৱীখনত অলপ হলেও ঠাই এৰি দিব লাগে।পৰোপকাৰী এই চৰাইসমূহে বাঁহসজাৰ ক্ষেত্ৰত যথেষ্ট শিল্পীসুলভ মনৰ। উদাহৰণ স্বৰূপে ঘৰচিৰিকা, পাতশিয়া, টোকোৰা, দহিকতৰা, ধনেশ আদি চৰাইৰ বাঁহ সঁজাৰ পদ্ধতিও চমকপ্ৰদ।

খ)বেছিভাগ চৰায়েই চাফ-চিকুনতাৰ প্ৰতি যথেষ্ট সচেতন। ৰাতিপুৱা ৰ’দ ওলাওতেই বহু চৰায়ে পানীত জোবোৰা মাৰি দিনটোলৈ গাটো  গাটো ধুই লয়। বহু চৰায়ে  সাঁতুৰি সাঁতুৰি আনন্দ উলাহেৰে দলৱদ্ধভাৱে গা ধোৱা দেখা যায়।

গ)চৰাইবোৰে পোৱালীক আলপৈচান ধৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহন কৰি আহিছে। চৰাইৰ পোৱালিবোৰে সাধাৰণতে সঘনে মল তাগ কৰে আৰু তেতিয়া ততাতৈয়াকৈ মাইকী চৰাইজনীয়ে মানুহৰ দৰে সেই  চৰাই বাঁহটো চাফা কৰি নতুন খেৰকূটা অলপমান বাহটোত মেলি দি পোৱালিকেইটা বিভিন্ন ৰোগৰ পৰা বুদ্ধি আৰু একাগ্ৰতাৰে ৰক্ষা কৰি থাকে।

ঘ)মানুহৰ দৰে চৰায়ে হিংসা নকৰে লগৰীয়া চৰাইক। চৰাইবোৰ সদায় উদাৰমনৰ।

ঙ)মুক্তভাৱে আকাশত উৰিব পৰা গুনেৰে বিভূষিত হোৱা বাবেই চৰাইৰ মনটো মানুহৰ তুলনাত যথেষ্ট বহল।চৰাইৰ অভিধানত “বেয়া পোৱা” শব্দটোৱেই নাই। এইবোৰ গুনৰ বাবেই সমগ্ৰ প্ৰাণীকুলৰ ভিতৰত চৰাইক আটাইতকৈ শান্ত আৰু জ্ঞানী জীৱ বুলি কোৱা হয়।

চ)মানুহতকৈ প্ৰকৃতিৰ বিপদৰ আগজাননী আগতে লাভ কৰে চৰায়ে। বতাহ বৰষুণ, ভূমিকম্প, বনজুই আদি সকলো সময়তে মানুহতকৈ আগতে খবৰ পাই চৰায়ে। সেইবাবে “ভগৱানৰ  দূত”(মেছেনজাৰ অৱ গড) বোলে সুধীমহলত।

পৰিভ্ৰমণকাৰী চৰাইবোৰে কিয় বছৰি পৰিভ্ৰমণ কৰে?

শীতৰ দিনত কিয় দূৰ-দূৰণিৰ পৰা চৰাইবোৰ আলহী হৈ আমাৰ ৰাজ্যৰ খাল বিলৰ পানীলৈ আহে এই প্ৰশ্নৰ উত্তৰ এশ শতাংশই উলিয়াব পৰা নাই যদিও পক্ষীবিদ সকলে কৈছে যে চৰাই সমূহ পৰিভ্ৰমণপ্ৰয়াসী। সেইবাবে ২০,০০০ৰ পৰা ৩২,০০০ কি:মি: দূৰ অতিক্ৰম কৰিও ওখ ওখ পাহাৰ-পৰ্বত, মহাসাগৰ-মহাদেশৰ পৰা আহি প্ৰতিবছৰে ঢপলিয়াই আহে অসমলৈ। ইয়াৰোপৰি পক্ষীবিদসকলে কৈছে যে এটা নিদিষ্ট সময়ত পক্ষীসমূহৰ হৰমনৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ বাবেই দূৰভ্ৰমণৰ বাবে হেপাহ জাগে হেনো চৰাইৰ। সেইবাবেই আহে জাক জাক চৰাই।

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …