ভিয়েটনামলৈ যাত্ৰা কমাৰগাঁৱৰ যুৱ আদৰ্শ কৃষক কৰুণাকান্ত হাজৰিকাৰ

অসম সংবাদ,কমাৰগাওঁ: গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাওঁ বৰদিহিঙিয়া গাওঁৰ যুৱ আদৰ্শ কৃষক তথা বোকাখাত প্ৰশাসনৰ পৰা দুবাৰকৈ *শ্ৰেষ্ঠ কৃষক* সন্মান পোৱা কৰুণাকান্ত হাজৰিকা (তাজ) আজি ৰাজ্য চৰকাৰ পৃষ্ঠপোষকতাত অধিক উন্নত মানদণ্ডৰ কৃষিকৰ্মৰ জ্ঞান আহৰণৰ বাবে ভিয়েটনামলৈ যাত্ৰা আৰম্ভ কৰিছে । উল্লেখ যে এই বৰ্ষত ৰাজ্যখনৰ ১৯ গৰাকী কৃষকক নিৰ্বাচিত কৰি বিদেশৰ মাটিত কৃষি সম্পকীয় জ্ঞান আহৰন কৰিবলৈ সাত সাগৰ তেৰ নদী সিপাৰৰ কৃষি কৰ্মৰে উদ্ভাষিত হৈ বিশ্বত এক সুকীয়া আসন দখল কৰি থকা ভিয়েটনামলৈ বুলি আজি পুৱা নিজ গৃহৰ পৰা মহানগৰীলৈ ৰাওনা হৈছে ।অহা কালিলৈ পুৱা কমাৰগাওঁৰ কৰুণাকান্ত হাজৰিকা (তাজ) সৈতে কৃষিমন্ত্ৰী অতুল বৰা , ৰাজ্যখনৰ কেইবাজনো বিধায়ক আৰু ৰাজ্যখনৰ কৃষকৰ দলটো ৰাওনা হ’ব ।

মন্তব্য

পঢ়িব পাৰে

বিশ্ব মিক্স বক্সিং চেম্পিয়নশ্বিপত দহটাকৈ সোণৰ পদক অৰ্জন শিমলুগুৰিৰ দহ গৰাকী খেলুৱৈৰ

অসম সংবাদ , নাজিৰা :   যোৱা ৩ ,৪, আৰু ৫ মেত সুদুৰ ৰাজস্থানত অনুষ্ঠিত …