বলিউডত আকৌ বিয়া: এইবাৰ দৰা হ’ল হিমেশ ৰেশমীয়া

নিউজ ডেস্ক, অসম সংবাদ: বলিউডত এতিয়া বিয়াৰ বতৰ। এইবাৰ দৰা হ’ল বলিউডৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক তথা অভিনেতা হিমেশ ৰেশমীয়া ৷ প্ৰেয়সী তথা অভিনেত্ৰী ছোনিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৰেশমীয়া। মুম্বাইৰ নিজ এপাৰ্টমেণ্টত সম্পন্ন হয় দুয়োৰে বিবাহ। পৰিয়ালৰ লোক আৰু দুয়োৰে একান্ত ঘনিষ্ঠৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিবাহ অনুষ্ঠান। এই অনুষ্ঠানত হিমেশৰ পুত্ৰ শ্যামো উপস্থিত থাকে। উল্লেখ্য যে ছোনিয়াৰ সৈতে হিমেশৰ এয়া দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথমা পত্নী কোমলৰ সৈতে ২০১৭ ত বিবাহ বিচ্ছেদ হোৱাৰ পিছতে প্ৰেয়সী ছোনিয়াৰ সৈতে নতুন জীৱনৰ দিশে আগবাঢ়িছে হিমেশে।

মন্তব্য

পঢ়িব পাৰে

নাৰায়ণপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা,অসম সংবাদ: নাৰায়ণপুৰৰ মাঘনোৱাত অচিনাক্ত মৃতদেহ উদ্ধাৰ।জীতেন শৰ্মাৰ পথৰ দাতিত থকা পুখুৰীৰ …