বিশ্ব মিক্স বক্সিং চেম্পিয়নশ্বিপত দহটাকৈ সোণৰ পদক অৰ্জন শিমলুগুৰিৰ দহ গৰাকী খেলুৱৈৰ

অসম সংবাদ , নাজিৰা :   যোৱা ৩ ,৪, আৰু ৫ মেত সুদুৰ ৰাজস্থানত অনুষ্ঠিত হোৱা  মিক্স বক্সিংৰ বিশ্ব চেম্পিয়নশ্বিপত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে সুবিধা লাভ কৰিছিল শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ১০ গৰকী প্ৰতিভাবান খেলুৱৈয়ে৷ আটাইকেইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত বিভিন্ন শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছ৷ বৰ্তমান পদকপ্ৰাপ্ত খেলুৱৈ কেইগৰাকী আহি শিমলুগুৰিত উপস্হিত হৈছে। শিমলুগুৰিত এতিয়া আনন্দমুখৰ পৰিবেশ৷ বিভিন্ন দল সংগঠনে খেলুৱৈ সকলক অভিনন্দন জনাইছে৷ প্ৰশিক্ষক অসীম গগৈৰ তত্বাৱধানত শিৱসাগৰ শিমলুগুৰি পৰা ৩০ এপ্ৰিলত  ৰাওনা হৈছিল দলটো৷ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ কেইগৰাকীয়ে কিন্তু আজি পৰ্যন্ত নাপালে চৰকাৰৰ সঁহাৰি ৷ যাৰ বাবে বিহু হুচৰি গাই টকা যোগাৰ কৰি দেশৰ মান ৰাখিলে৷ বিগত ২০১৭ বৰ্ষত শিমলুগুৰিৰ এই প্ৰতিভাবান খেলুৱৈ সকলে ৮ টাকৈ সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনছিল৷ সোণৰ পদক অৰ্জন কৰা খেলুৱৈ সকল ক্ৰমে শৈলেচ কুমাৰ চাহু, ৰঘুনন্দন মাহাতু, সংগীতা দাস, নিকি কাজকুমাৰে, ৰাখী দেউঘৰীয়া, বৰ্ণালী বৰা, মুনমী চেতিয়া,সন্ধ্যা চাহু , ৰাজশ্ৰী ফুকন আৰু ৰজিনা গুৱালা৷

মন্তব্য

পঢ়িব পাৰে

ভিয়েটনামলৈ যাত্ৰা কমাৰগাঁৱৰ যুৱ আদৰ্শ কৃষক কৰুণাকান্ত হাজৰিকাৰ

অসম সংবাদ,কমাৰগাওঁ: গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাওঁ বৰদিহিঙিয়া গাওঁৰ যুৱ আদৰ্শ কৃষক তথা বোকাখাত …