পশ্চিম কাৰ্বি আংলঙক পৰ্যটনস্থলী হিচাপে গঢ় দিব “Root Bridge Foundation”য়ে

অসম সংবাদ, হামৰেণ: প্রাকৃতিক সৌন্দৰ্য্যৰ ভৰপূৰ পশ্চিম কাৰ্বি আংলং জিলা | এই পাহাৰীয়া জিলাখনক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে এইবাৰ আগবাঢ়ি আহিছে আগশাৰীৰ বেচৰকাৰী সংস্থা “Root Bridge Foundetion” |সংস্থাটোয়ে প্রথমে বাচি লৈছে অসমৰ আটাইতকৈ পৰিস্কাৰ গাঁও হিচাপে পৰিচিত আমৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত “চিকদামাখা”ক | তাৰে অংশ হিচাপে সংস্থাটোয়ে পাৰম্ভিক কাৰ্য্য চাৰ্ভে কৰি ইতিমধ্যে এক কৰ্মশালাও অনুস্থিত কৰে | তিনি দিনীয়া উক্ত কৰ্মশালাৰ আজি অন্ত পৰে | সামৰনি অনুস্থানত উপস্থিত থাকি কাৰ্বি পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে এটা “কেফেটৰী”ৰ শুভ উদ্বোধন কৰে | যাৰ ফলত পৰ্যটক সকলে বিভিন্ন ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰিব |

মন্তব্য

পঢ়িব পাৰে

দৰঙৰ মঙ্গলদৈত শ্মশানত বাস এহাল বৃদ্ধ দম্পতীৰ: সহায়ৰ বাবে আগবাঢ়ি আহিল বহুজন

অসম সংবাদ, মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ মঙলদৈ ৰামহৰি চান্দোৱাল পাৰাত বিগত প্ৰায় 15 বছৰ মান ধৰি …