ঐশ্বৰ্য ৰায়ৰ সৈতে বিয়াত বহিল লালু প্ৰসাদৰ পুত্ৰ

নিউজ ডেস্ক, অসম সংবাদ: বিয়াত বহিল ঐশ্বৰ্য ৰায় ৷ হয়, বিহাৰৰ RJD প্ৰধান লালু প্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ সৈতে বিয়াত বহিল ঐশ্বৰ্য ৷ পিচে ৰব… যদি আপুনি ভাবিছে অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ কথা তেন্তে আপুনি ভুল ভাবিছে ৷ এইগৰাকী ঐশ্বৰ্য ৰায় আপোনাৰ চিনাকী বলিউদ সুন্দৰী গৰাকী নহয় ৷ এই ঐশ্বৰ্য ৰায় হৈছে RJDৰে বিধায়িকা চন্দিকা ৰায়ৰ কন্যাহে ৷ লালু তনয় তেজ প্ৰতাপ যাদৱৰে শনিবাৰে ঐশ্বৰ্য ৰায়ৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷ ৷

উল্লেখ্য যে, উক্ত বিবাহ অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ,  কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ লগতে জ্যেষ্ঠ আইনজীৱি ৰাম জেঠমালিনিও উপস্থিত থাকে ৷

মন্তব্য

পঢ়িব পাৰে

নাৰায়ণপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা,অসম সংবাদ: নাৰায়ণপুৰৰ মাঘনোৱাত অচিনাক্ত মৃতদেহ উদ্ধাৰ।জীতেন শৰ্মাৰ পথৰ দাতিত থকা পুখুৰীৰ …