আই

ৰিঙ্কুমনি পূজাৰী

তুমি বিমৰ্ষতা গৰকি বৰষি থকা
বিস্ময়ৰ এটি গান
হতাশাক নিচুকাই ভৰসাত উজ্জ্বলি উঠা
আশ্বৰ্য্যৰ এটি লহৰ
কেৱল দিয়েই আছাঁ, দিয়েই আছাঁ
মা তুমি অনন্যা, তুমি দেৱী
এঙেৰুৱা কলিজা পুৰি
উজ্জ্বলি থকা এটুকুৰা সোণ ।

মন্তব্য

পঢ়িব পাৰে

ঋতুৰাজ বসন্তৰ দুটি স্তৱক

মিলন শইকীয়া ১ / সোঁৱৰণিৰ সৰাপাতত আলফুলীয়া প্ৰেমৰ জিৰ্ জিৰ্ মেঘনা সৰাপাত আজি সোঁৱৰণি যদিও …