ৰাৱৰী

ৰীমা বৰা

উপকৰণ-

১/ গাখীৰ দুই লিটাৰ ।
২/ চেনি ডাঙৰ চামুচৰ আঠ চামুচ ।
৩ / ছয়টা মান খুন্দি লোৱা ইলাচী ।
৪/ পৰিবেশনৰ বাবে ড্ৰাইফ্ৰুইটছ ।

প্ৰণালী: (গাখীৰ পুৰিব নোৱাৰা পাত্ৰ ব্যৱহাৰ কৰিব) ননষ্টিক কেৰাহী এখন গেছত বহাই গাখীৰ খিনি উতলিব দিব ।গাখীৰ উতলি অহাৰ পিছত গেছ কমাই মাজে মাজে লৰাই দি গাখীৰ খিনি ডাঠ হৈ আধা হবলৈ দিব । তাৰপিছত তাত চেনি আৰু ইলাচী খিনি দি ঘনাই লৰাই থাকিব গাখীৰ খিনি ঘন হৈ আহি ডাঠ ক্ষীৰ সদৃশ হলে গেছৰ পৰা আঁতৰাই ঠাণ্ডা হ’বলৈ থব আৰু পৰিবেশনৰ সময়ত ড্ৰাইফ্ৰুইটছ কাটি ওপৰত দিব । ( মই মাটিৰে তৈয়াৰী পাত্ৰত পৰিবেশন কৰি ওপৰত কাঠবাদাম কাটি দিছোঁ।)

মন্তব্য

পঢ়িব পাৰে

ৰেচিপি: কেঁচা কঠালৰ কোফ্টা

ৰিজুৱানা চুলতানা উপকৰণ: * কেঁচা সৰু কঠাল- ১ টা * আলু- ৩ টা * বেচন- …