দেওমৰনৈত বিহু সম্পৰ্কীয় গ্ৰন্থ “বিহু আৰু বিহু প্ৰশ্নোত্তৰ” উন্মোচন

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, অসম সংবাদ: দৰঙৰ দেওমৰনৈ অঞ্চলৰ পাতিদৰং কেন্দ্ৰীয় ৰঙালী বিহুত এখন বিহু সম্পৰ্কীয় গ্ৰন্থ উন্মোচন হয় । সৰুৰে পৰা মৌ কুৱৰী, বিহু দলৰ নাচনী হৈ থকা সময়ত বিচাৰক সকলৰ পৰা হওঁক বা বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত হৈ থকা সময়ত বিহু সম্পৰ্কীয় যিমান বোৰ নজনা কথা শিকিছিল সেই অভিজ্ঞতাৰে শিক্ষয়িত্ৰী লিনুমনি ডেকাই “বিহু আৰু বিহু প্ৰশ্নোত্তৰ” নামেৰে গ্ৰন্থ এখন প্ৰকাশ কৰে। দৰং জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক মুকুট হাজৰিকাই গ্ৰন্থখন উন্মোচন কৰে। এক ব্যতিক্ৰমী প্ৰদক্ষেপৰে পাতিদৰং মিলন সেৱক সংস্কৃতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত কৰা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ বাকৰিত উন্মোচন কৰা হয় গ্ৰন্থখন। ইফালে প্ৰতিবছৰে দৰং জিলাৰ ভিতৰতে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে আয়োজন কৰি অহা কেন্দ্ৰীয় মুকলি বিহু প্ৰতিযোগিতা খনি কিছু ব্যতিক্ৰমী প্ৰচেষ্টাৰে আয়োজন কৰে উদযাপন সমিতিয়ে।দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে মুকলি কৰা মুকলি বিহু অনুষ্ঠানটিত দুজন কৃষক আৰু দুগৰাকী শিপিনীক ক্ৰমে কৃষক বঁটা আৰু শিপিনী বঁটা প্ৰদান কৰে উদযাপন সমিতিয়ে।মুকলি বিহুখনি উন্মোচন কৰি উপযুক্ত গৰাকীয়ে দুটি ফুটবল উদযাপন সমিতিৰ হাতত অৰ্পণ কৰে। মুকলি বিহু অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্যৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এই মুকলি বিহুত অসমৰ কেইবাটাও বিহু দলে অংশগ্ৰহণ কৰে বুলি কয় বিহু উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত ৰাজবংশীয়ে ।

মন্তব্য

পঢ়িব পাৰে

অতিকৈ চেনেহৰ বিহুটি আকৌ আহিল…

✍️হিমাংশু ৰঞ্জন ভূঞা অতিকৈ চেনেহৰ বিহুটি আকৌ আহিল ৷ অসমীয়া জাতীয় জীৱনৰ প্রাণস্পন্দন স্বৰূপ এই …