আম ৰস্সা

ৰিমা বৰা

আম ৰস্সা বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰী সমূহ হল

১/ ভাল দৰে পকা এক কেজি আম ।
২/ ১০০ গ্ৰাম পেকেটত পোৱা ক্ৰীম ।
৩/ পৰিমাণ অনুসৰি চেনী ।
৪/ পৰিবেশনৰ কৰিবৰ বাবে ক্ৰীম , ছেৰী আৰু পিস্তা বাদাম ।

বনোৱা বিধি: প্ৰথমে ক্ৰীম ১০০ গ্ৰাম ফ্ৰীজত ঠাণ্ডা হ’বলৈ থৈ দিব। তাৰপিছত আম খিনি বাকলি গুচাই আমঠুৰ পৰা মঙহ অংশ খিনি এৰুৱাই মিক্সিত দি লৈ নিজৰ সোৱাদ অনুসৰি আম খিনিত চেনী দি মিক্সিত পিছি ডাঠ পেষ্ট এটা বনাই লব। এটা পাত্ৰত পেষ্ট খিনি উলিয়াই লৈ তাত আগতে ঠাণ্ডা কৰি থোৱা ক্ৰীম খিনি দি কোমলতাৰে মিলাই লব। পৰিবেশন কৰা পাত্ৰ সমূহত পেষ্টটো ভৰাই ওপৰত ক্ৰীম , ছেৰী আৰু পিস্তা বাদাম কাটি দি সজাই পুণৰ কিছু সময় ফ্ৰীজত থৈ ঠাণ্ডা কৰি গৰমত পৰিয়াল তথা অতিথিক পৰিবেশন কৰক।

মন্তব্য

পঢ়িব পাৰে

ৰেচিপি: কেঁচা কঠালৰ কোফ্টা

ৰিজুৱানা চুলতানা উপকৰণ: * কেঁচা সৰু কঠাল- ১ টা * আলু- ৩ টা * বেচন- …