নিৰাপত্তা

নয়নমণি দত্ত নেওঁগ

তাই জানো ভাবিছিল জন্ম হৈয়ে তাইৰ আৰু তাইৰ ভনীয়েকৰ এনে অৱস্থা হ’ব বুলি? যি সময়ত ভানুৱে আন ল’ৰা-ছোৱালীৰ দৰে দৰা কইনাৰ খেল খেলিব লাগিছিল তেনে সময়তে তাইৰ একমাত্ৰ এবছৰীয়া ভনীয়েক মামুক কোলাত লৈ আনৰ ঘৰে ঘৰে কাম কৰি ফুৰিব লগাত পৰিছে একমাত্ৰ ভনীয়েক আৰু তাইৰ নিৰাপত্তাৰ বাবেই ! তাইৰ মাক দেউতাকৰ কথা মনলৈ অহাত তাইৰ মন ঘৃণাৰে ভৰি পৰিছে..নপৰিবওনো কিয় ? যি সময়ত ভানু আৰু তাইৰ সেই কণমানি ভনীয়েকজনীক মাক দেউতাকৰ কোলাৰ মৰম,নিৰাপত্তা প্রয়োজন, সেই সময়তেই হৃদয়হীন পিতৃ মাতৃয়ে কেৱল ৫০০০ টকাৰ বিনিময়ত ভানু আৰু তাইৰ মৰমৰ ভনীয়েকক দালালৰ হাতত গতাবলৈ লৈছিল ! কিয়নো আমি ছোৱালী হোৱাৰ বাবেই আমাক নিজ পিতৃ মাতৃয়ে এনেদৰে আনৰ হাতত…..ছিঃ…কথাবোৰ ভাবি থাকোতেই খঙত ভানুৱে কাপোৰেৰে মোহাৰি থকা হাতৰ গিলাচটো দলিয়াই দিলে |
গিলাচটো ভাগি শব্দ কৰাত ভনীয়েক মামুৱে কন্দাতহে তাই বাস্তৱলৈ ঘূৰি আহি ভনীয়েকক কোলাত লৈ পুনৰ নিৰাপত্তাৰ বাবে আন এঘৰলৈ বুলি খোজ দিলে।

মন্তব্য

পঢ়িব পাৰে

দাঁত

?প্ৰাঞ্জল দলৈ ৰাভা জনজাতিৰ ছোৱালী এজনীক বিয়া কৰাম বুলি ভাবি ঠাট্টাৰ সন্মুখীন হৈছে টোপাল কলিতা। …