নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যুটীয়া সংসদীয় সমিতিলৈ বিৰিণা গোষ্ঠী অসমৰ স্মাৰক-পত্ৰ প্ৰদান

অসম সংবাদ, চেঙা : নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ জন-গাঁথনিৰ লগতে সমাজ-জীৱনলৈ বিৰূপ পৰিৱৰ্তন কঢ়িয়াই অসমীয়া জাতি-সত্তাত কুঠাৰাঘাত কৰিব পৰা বিষয়টোক লৈ পুনঃ সৰৱ হৈ পৰিছে ৰাজ্যখনৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখন৷অসম সাহিত্য সভাকে ধৰি ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, বুদ্ধিজীৱি, লেখক, সাংবাদিক, গায়ক, শিল্পী, অভিনেতা-অভিনেত্ৰী সকলোৱে এই বিধেয়কখনৰ  বিৰুদ্ধে ৰাজ্যখনত  অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷আজি ৰাজ্যখনৰ আন এটি উল্লেখযোগ্য সাহিত্য-সাংস্কৃতিক সংগঠন ‘বিৰিণা গোষ্ঠী অসমে অসমীয়াৰ অস্তিত্ব তথা ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ জাতীয় জীৱনৰ পৰিপন্থী এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনাই যুটীয়া সংসদীয় সমিতিলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷সাহিত্য-সাংস্কৃতিক গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমান স্বাক্ষৰিত স্মাৰক পত্ৰত এই বিধেযকখন আইনত পৰিণত হ’লে অসমৰ আটাইতকৈ বেছি ক্ষতি হ’ব বুলি উল্লেখ কৰি কয় যে অসমৰ জনগাঁথনি তথা ভাষা-সংস্কৃতিৰ ব্যাপক পৰিৱৰ্তনে খিলঞ্জীয়াৰ অস্তিত্ব সংকটাপন্ন কৰি তুলিব ৷ অদূৰ ভৱিষ্যতে ইয়াৰ ফলত দেশৰ অখণ্ডতাৰ প্ৰতিও ভাবুকি আহিব বুলি সংকা প্ৰকাশ কৰি এই বিধেয়ক আইনত পৰিণত কৰি অসম ৰাজ্যক পুনৰ অশান্ত নকৰিবলৈ আহ্বান জনাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ সংগঠনটোৱে দাবী জনায় ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …