সংশোধনী বিধেয়ক গৃহীত হ’লে আমি আলোচনাৰ পৰা আঁতৰি আহিম : নগাঁৱৰ চকলাঘাটত আলফা নেতা অনুপ চেতিয়াৰ হুংকাৰ

অসম সংবাদ, বেবেজীয়া : “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, জৰিয়তে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্ব বিপদাপন্ন কৰাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে পুনৰ এক প্ৰচেষ্টা চলাইছে। এই কথা কোনোপধ্যে ই সহ্য কৰা নহ’ব। আমি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সকলো লোকে একত্ৰিত হৈ এই বিধেয়কখনৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সময় আহি পৰিছে। আমি যদি ঐক্যবদ্ধ এই আইনখনৰ বিৰোধীতা নকৰো তেন্তে অদুৰ ভৱিষ্যতে খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব নি:শেষ হৈ পৰিব। কেন্দ্ৰ চৰকাৰে যদি অসমবাসীৰ বিৰুদ্ধে গৈ এই আইন প্ৰণয়ন কৰে তেন্তে আমি আলোচনাৰ পৰা আতৰি আহিবলৈ বাধ্য হ’ম” – এই মন্তব্য আলোচনা পন্থী আলফা নেতা তথা খিলঞ্জীয়া মঞ্চ, অসমৰ মুখ্য আহ্বায়ক অনুপ চেতিয়া । নগাঁও জিলাৰ চকলাঘাটত এক ৰঙালী উৎসৱৰ কাৰ্য সূচীত অংশ লৈ সাংবাদিকৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত নিজৰ অভিমত দাঙি ধৰে আলফা নেতা গৰাকীয়ে। তেওঁ লগতে কয় যে বাংলাদেশত হিন্দু ধৰ্মৰ লোকসকল নানা অত্যাচাৰৰ সন্মুখীন হৈ থকা বুলি বিজেপি চৰকাৰে যি অভিযোগ আনিছে সেয়া সম্পূৰ্ণ মিছা। মই সংগঠনৰ কামত ১৮ বছৰ কাল বাংলাদেশত আছিলো। কিন্তু এই সময়ছোৱাত তাত বাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ অথবা নিৰ্যাতনৰ কথা শুনা নাছিলো। বাংলা দেশত আউমিলি আৰু বি এম পি নামৰ দুটা দলৰ মাজতহে বিভিন্ন সময়ত সংঘাত ,আক্ৰমণৰ ঘটনা সংঘটিত হয় বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে দুপৰীয়া নগাঁৱৰ বেবেজীয়াত উপস্থিত হোৱা অনুপ চেতিয়াক এক বিশাল বাইকৰেলীৰে চকলাঘাটলৈ আদৰি আনে কেইবা শ লোকে। উল্লেখ্য যে, দিন জোৰাকৈ অনুষ্ঠিত চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ বিভিন্ন কাৰ্যসূচীত অনুপ চেতিয়াকে ধৰি অগপ দলৰ মুখপাত্ৰদ্বয় দিলীপ পাটগিৰি আৰু লাচিত বৰদলৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামনি বৰা অংশ লয়।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …