নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাপৰ আতংক: তিনি ঘন্টা সময় স্তব্ধ কাম-কাজ

নগৰবেৰা, অসম সংবাদ : কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি এডাল বিষাক্ত সাপ ওলোৱাক কেন্দ্ৰ কৰি কাৰ্যালয়টোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। এন আৰ চিৰ বিভিন্ন কাম কাজ চলি থকা সংশ্লিষ্ট কাৰ্যালয়টোত হঠাৎ এডাল বিষাক্ত সাপ ওলোৱাত সাধাৰণতে কাৰ্যালয়টোত কৰ্মৰত বিষয়া-কৰ্মচাৰী সকল আতংকিত হৈ পৰে।  কাৰ্যালয়টোৰ এটা কম্পিউটাৰ কক্ষৰ এটি চুকত এই সাপডাল লুকাই আছিল বুলি একাংশ কৰ্মচাৰীয়ে ব্যক্ত কৰিছে। প্ৰায় তিনি ঘন্টা সময় জুৰি সংশ্লিষ্ট কাৰ্যালয়টোত সাপৰ আতংকৰ বাবে কাম-কাজ বন্ধ থাকে। উক্ত সাপডালৰ বিষয়ে কাৰ্যালয়টোত কৰ্মৰত একাংশ বিষয়া কৰ্মচাৰীয়ে স্থানীয় বন বিভাগৰ লোকক অৱগত কৰোৱাত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সাপডাল কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ সহযোগত খেদি  পঠিয়াবলৈ সক্ষম হয়।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …