শ্বহীদ ভাস্কৰ কলিতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন: অশ্ৰুসিক্ত নয়নেৰে বীৰ শ্বহীদক সোঁৱৰিলে সহস্ৰজনে

আজাৰাৰ পৰা অজয় দাস, অসম সংবাদ: যোৱা ৪ মেত বৰডুমছা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাই বৰডুমছা থানাৰ অৰ্ন্তগত খজুৱাপথাৰ নামৰ ঠাইত আলফাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শ্বহীদ হৈছিল। সাহসীকতাৰে দেশৰ হকে যুজি আলফাৰ গুলিত যোৱা ৪ মেৰ দিনা প্ৰাণ আহুতি দিয়া শ্বহীদগৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা অঞ্চলবাসীয়ে তেওঁক অমৰ কৰি ৰখাৰ পণ লয়। সকলোৱে তেওঁৰ সমাধিত শ্ৰদ্ধা নিবেদন কৰি গৰ্ব অনুভৱ কৰিলে যদিও পৰিয়ালৰ লগতে সকলোৱে শ্বহীদ জনক সুঁৱৰি আবেগিক হৈ হিয়া ধাকুৰী কন্দা দৃশ্য আছিল অতি কৰুণ । দেশৰ স্বাৰ্থত শ্বহীদ হোৱা এই বীৰ গৰাকীৰ আজি বুধবাৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় । শ্বহীদ গৰাকীৰ সমাধিস্থলীত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাতিপুৱাই কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পত্নী সংগীতা কলিতাৰ লগতে আত্মীয়-কুটুম্ব তথা আৰক্ষীৰ লোকে । ইয়াৰ পিছত ভাস্কৰ কলিতাৰ সমাধিস্থলীত প্ৰাৰ্থনা , নাম-কীৰ্তন , ভক্তিমুলক গীতেৰে স্থানীয় মহিলা সকলে শ্বহীদ গৰাকীক স্মৰন কৰে । দিনজোৰা মাংগলিক কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা এই আদ্যশ্ৰাদ্ধত অসম আৰক্ষীৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থাকে । এই পৱিত্ৰ আদ্যশ্ৰাদ্ধতেই পৰিয়ালৰ লোকে পুনৰবাৰ আলফাৰ কাণ্ডক একেমুখে গৰিহনা দিয়াৰ লগতে ভাস্কৰ কলিতাৰ ঘটনাৰ লগত জড়িত মুল অভিযুক্তক আটক কৰি উচিত ন্যায় বিচাৰ কৰিবলৈ অসম চৰকাৰ তথা অসম আৰক্ষীক আহ্বান জনায় । লগতে আজিৰ এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানতেই শ্বহীদগৰাকীৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।। সাংবাদিক নিতুমনি শইকীয়া, আৰক্ষীৰ উচ্চ পৰ্যায়ৰ কেইবাজনো বিষয়াৰ উপস্থিতিত উন্মচন ক’ৰা “অষ্টৰন্ধ্ৰ” নামৰ স্মৃতিগ্ৰন্থখন ।

L

আনহাতে পত্নী সংগীতাই পৰেশ বৰুৱাই এতিয়াও আহি অসহায় পৰিয়ালটিৰ কৰুণ ছবি খন চাই যাব বুলি আশাৰে বাট চাই আছে । লগতে অসম আৰক্ষীত আধুনিকীকৰনৰ প্ৰয়োজন আছে বুলিও তেওঁ সাংবাদিকৰ আগত কয় ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …