নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ঢকুৱাখনাত অসম গণ পৰিষদৰ জোঁৰ সমদল

অসম সংবাদ, ঢকুৱাখনা: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি ঢকুৱাখনাত অগপ দলৰ উদ্যোগত এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন  কৰে। বিজেপি চৰকাৰে অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ৰূপায়ন কৰিব বিচৰা  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে ঢকুৱাখনা অ গ প কাৰ্যালয়ৰ সন্মুখৰ পৰা  সমদল উলিয়াই ঢকুৱাখনা নগৰ পৰিভ্ৰমণ কৰি পুনৰ মহঘুলি চাপৰিৰ জিলা কাৰ্যলয়ত সামৰণি মাৰে । দলটোৰ কৰ্মকতা সকলে অসম চৰকাৰ হায় হায়, জাতীয় নায়ক হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়া নচলিব আদি শ্লোগানেৰে ঢকুৱাখনা নগৰৰ ৰাজপথ উত্তাল কৰি তোলে। অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰিলে ভয়াবহ গণ আন্দোলন গঢ়ি তুলিব বুলি ঢকুৱাখনা জিলা অ গ প ই হুংকাৰ দিয়ে।আজিৰ জোঁৰ সমদল কাৰ্যসূচীত অ গ প ৰ কেন্দ্ৰিয় সমিতিৰ সদস্য মহেশ দলে,কেশৱ গগৈ আৰু ঢকুৱাখনা জিলা  অ গ প ৰ সভাপতি অৰুপ কোঁৱৰ, সাধাৰণ সম্পাদক পাদকান্ত দলে,যুৱ পৰিষদ ৰ সাধাৰণ সম্পাদক জয়ন্ত দত্ত ই অংশগ্ৰহণ কৰে।ইয়াৰ আগতে   জিলা কাৰ্যলয়ত জোঁৰ সমদল কাৰ্যসূচী উদ্বোধন কৰে ঢকুৱাখনাৰ বিশিষ্ট সমাজকৰ্মী জগদীশ গগৈয়ে।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …