বীৰ পিতৃলৈ চ্যেলুট কনমানি পুত্ৰৰ: শ্বহীদ ভাস্কৰ কলিতাৰ পুত্ৰৰ দৃশ্যই আৱেগিক কৰিলে ৰাইজক

আজাৰাৰ পৰা অজয় দাস,অসম সংবাদ: বাৰুদৰ ভাষা নাজানে সেই কনমানি টোৱে , বুজি নাপায় সন্ত্ৰাসবাদ। কিন্তু এক বিশেষ মুহুৰ্তই দৃষ্টি কাঢ়ি নিলে সকলোৰে। উচুপি উঠিল সকলো। আলফাৰ গুলীত নিহত শ্বহীদ ভাস্কৰ কলিতাৰ আদৰ্শক সন্মান জনাই সমাধিক্ষেত্ৰত থকা প্ৰতিচ্ছবিত পুত্ৰ দাৰ্শীক কলিতাই চ্যেলুট দি দৃষ্টি মুহিলে সকলোৰে। কনমানিটোৰ এনে দৃশ্য দেখি উপস্থিত জনতাৰ উচুপনি । থুনুক-থানাক মাতেৰে শ্বহীদ ভাস্কৰ কলিতাৰ পুত্ৰ দাৰ্শিক কলিতাই দেউতাকক মাতিছে “আমাৰ পাপা-পাপা” বুলি। কিন্তু কি জানে সেই কনমানিটোৱে যে তেওঁলোকৰ ‘পাপা’ আৰু ঘুৰি নাহে । এই হৃদয়বিদাৰক মূহুৰ্তৰ সাক্ষী হৈ চকুলো টুকাৰ বাহিৰে যেন একো নাই উপায় নাই উপস্থিত সকলোৰে । শ্বহীদগৰাকীৰ দুই সন্তানে সদায়ে মাকক সুধি থাকে যে ‘পাপা’ কেতিয়া আহিব। কিন্তু সেই প্ৰশ্নৰ উত্তৰ নাই মাতৃ সংগীতাৰ ওচৰত।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …