পুলিচে নহয় নিশা হ’লেই গৰু চোৰেহে পিয়াপি দিয়ে নগাঁৱৰ বেবেজীয়াত: পুনৰ দৰিদ্ৰ কৃষকৰ গোহালি হ’ল উদং

অসম সংবাদ,বেবেজীয়া: পুলিচে নহয় নিশা হ’লেই গৰু চোৰেহে পিয়াপি দিয়ে নগাঁৱৰ বেবেজীয়াত। কুম্ভকৰ্ণ নিদ্ৰাত থকা আৰক্ষীক তিলমানো কেয়াৰ নকৰি গৰুচোৰে চলাই উপদ্ৰৱ।হয়,আৰক্ষী থাকিও এই অৰাজক পৰিস্থিতি এতিয়া নগাঁও জিলাৰ বেবেজীয়াৰ মাহৰিআটিত। বেবেজীয়া আৰক্ষী চকীৰ পৰা মাত্ৰ কেই শ মান মিটাৰ দূৰৈৰ মাহৰিআটিত যোৱা নিশা পুনৰ সংঘটিত হ’ল আন এক গৰুচুৰিৰ ঘটনা।খবৰ অনুসৰি, মাহৰিআটি নিবাসী ধৰসিং বৰদলৈৰ বলধ গৰুহাল যোৱা নিশা চোৰে গোহালিৰ পৰা চুৰি কৰি লৈ গ’ল। পুৱা পৰিয়ালৰ লোকে গোহালিত গৰুহাল বিছাৰি নাপায় বিচাৰ সোচাৰ কৰাতহে ঘটনাটো পোহৰলৈ আহিল। ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ বৰদলৈয়ে বেবেজীয়া আৰক্ষীক অৱগত কৰিলে যদিও বাতৰি লিখা পৰলৈকে চোৰ অথবা গৰু হালৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী। ইপিনে, দিনদিয়েক পূৰ্বেও মাহৰি আটি গাঁৱৰে ৰঙাই বৰদলৈ নামৰ লোক জনৰ বলধ গৰুহালো নিশা গোহালিৰ পৰা চুৰি কৰি নিছিল অচিনাক্ত চোৰে। স্মৰ্তব্য যে, বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত কেইবামাহ ধৰি অব্যাহত থকা গৰুচুৰিৰ ঘটনাই সন্ত্ৰস্ত কৰি ৰাখিছে গঞাঁ ৰাইজক। বেবেজীয়া আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ নিস্ক্ৰিয়তাৰ বাবেই নিশা হ’লেই গৰুচোৰে নিৰ্বিঘ্নে গৰুচুৰি কাণ্ড সংঘটিত কৰি গৈছে বুলি অভিযোগ তুলিছে ৰাইজে।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …