চামগুৰিত পথ দুৰ্ঘটনা: গুৰুতৰভাৱে আহত চাৰি

অসম সংবাদ, চামগুৰি : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি আৰু উদমাৰীত আজি পৃথকে-পৃথকে সংঘটিত হোৱা দুটাকৈ পথ দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, চামগুৰিস্থিত জৰ্জীয়ান ইংলিছ স্কুলৰ লিজাপল এক্কা (১১) নামৰ  ছাত্ৰীগৰাকীয়ে বিয়লি বিদ্যালয় ছুটিৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথলৈ খোজকাঢ়ি আহি থকা অৱস্থাত চামগুৰিস্থিত তেল ডিপোৰ সমীপত বিদ্যালয়খনৰে এ-এছ-০২-এ চি-৪৩১০ নম্বৰৰ টাটা মেজিকখনে ছাত্ৰীগৰাকীক খুন্দা মাৰি গুৰুতৰভাৱে আহত কৰে।পাছত স্থানীয় লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লিজাপলক চামগুৰি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। আনহাতে, উদমাৰীত আজি  প্ৰায় ২.৩০ বজাত ননৈৰ পৰা চামগুৰি দিশে আহি থকা চাইকেল আৰোহী চাজেন ফ্লোৱাৰ (৩২) নামৰ লোকজনক মোৱামাৰিৰ পৰা উদমাৰীলৈ আহি থকা দ্ৰুতবেগী এ-এছ-০২-ভি-০৬০৫ নম্বৰৰ পালছাৰ বাইকত অহা দুই বাইক আৰোহীয়ে উদমাৰীৰ চাহবাগানৰ মাজত খুন্দা মাৰি গুৰুতৰভাৱে আহত কৰে। লগতে বাইকখনৰ আৰোহী কাদিৰ হুছেইন (২২) আৰু চালক মুক্তাৰ মিৰাজ (২১) নামৰ যুৱকজনো দুর্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত স্থানীয় লোকে  তিনিওকে চামগুৰি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে বাইক আৰু মেজিকখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …