নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিক তুলাধূনা ৰিপুণ বৰাৰ

অসম সংবাদ,নলবাৰী: নলবাৰীত আজি জিলা কংগ্ৰেছৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল। সমদল অংশগ্ৰহণ কৰে অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিছে কেৱল কংগ্ৰেছে । হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবেই সংশোধনী বিধেয়ক সংসদত পাছ কৰি অসমৰ ৰাইজক বিদেশী জাপি দিয়াৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে তাক কংগ্ৰেছে কোনো কাৰণত সহ্য নকৰে আৰু ৰাইজক লৈ সংগ্ৰাম কৰি যাব । সম্প্ৰতি বিজেপি দেশক আভুৱাঁভাৰি আছে নানা প্ৰলোভনেৰে । নৰেন্দ্ৰ মোডী প্ৰতিশ্ৰুতি হে দিয়ে, তাক পূৰণ নকৰে বুলিও দোহাৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে । কিন্তু ৰাইজ সজাগ হৈছে এতিয়া । এয়া আগন্তুক লোকসভা নিৰ্বাচনত প্ৰমাণ হব । অসমত এতিয়া চৌদিশে ৰাইজ ওলাই আহিছে বিজেপিৰ চৰিত্ৰ উপলব্ধি কৰি । সদ্য ঘোষিত কৰ্ণাটকৰ বিধান সভা নিৰ্বাচনৰ ফলাফলত সন্তোস প্ৰদান কৰে আৰু বিজেপি দলে কৰ্ণাটকত হৰ্ছ ট্ৰেদিং কৰিব বুলি সন্দেহ প্ৰকাশ কৰে । প্ৰতিবাদী সমদল নলবাৰী ৰাজীৱ ভৱনৰ পৰা নলবাৰী চহৰৰ মাজেৰে গৈ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিল খন বাতিলৰ দাবীত উপায়ুক্তৰ জৰিয়তে জে পি চি ৰ অধ্যক্ষ লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । কার্যসূচীত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত কুমাৰ ভূঞা, জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন,সম্পাদক লুটফুৰ ৰহমান, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী পাপৰি মালাকৰ, মুখপাত্ৰ দিব্যজ্যোতি হালৈ, যুৱ নেতা ৰাতুল পাটোৱাৰী, উদ্দিপন পাটোৱাৰী, ৰাতুল কলিতা সহ পাচঁ শতাধিক কৰ্মী উপস্থিত থাকে ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …