নলবাৰীত মজদুৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, নলবাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বিৰোধিতাৰে আজি নলবাৰীত মজদুৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে। ধমধমা হৰিমন্দিৰ পথত শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত পথ অৱৰোধ কৰে নলবাৰী জিলা মজদুৰ ইউনিয়নে। জাতি ধ্বংসী বিধেয়ক খনৰ বিৰোধিতা কৰি নলবাৰীৰ ই-ৰিক্সা চালক, ঠেলা চালক আৰু ৰিক্সা চালক সকলে নলবাৰী ধমধমা হৰি মন্দিৰ পথটো এঘন্টা সময় অবৰোধ কৰি বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …