মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জা়তীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড,অসম সংবাদ: উজনি মাজুলীৰ ৰতনপুৰ গায়ন পঞ্চায়তৰ অন্তৰ্গত ন- পমুৱাৰ পৰা বাঘৰগাঁও তিনিআলিলৈকে আজি সন্ধ্য ৬:৩০ বজাৰ পৰা পাঁচ শতাধিক লোকে হাতে হাতে জোঁৰ লৈ ৰাজপথ উত্তাল কৰি তুলে, বিজেপি চৰকাৰ হায় হায় , জাতীয় নায়ক হায় হায়, শ্লোগানেৰে নাগৰিকত্ব আইন( সংশোধনী) বিধেয়ক ২০১৬ প্ৰতিবাদত অনুস্থিত যোৰ সমদলত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সমিতিৰ প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞা, কেন্দ্ৰীয় সমিতিৰ যুতিয়া সম্পাদক জোগল হাজৰিকা, মাজুলী জিলা সমিতিৰ সভাপতি জগত হাজৰিকা, সম্পাদক অলিন হাজৰিকাকে ধৰি অঞ্চলৰ তথা মাজুলীৰ বিভিন্ন স্থানৰ পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰি আসমীয়া বিৰোধী এই আইন খনৰ বিৰোধীতা কৰে ৷ আজিৰ এই প্ৰতিবাদত ৰতনপুৰ গায়ন পঞ্চায়তৰ সকলো ব্যৱসায়িয়ে দোকান পহাৰ বন্ধ কৰি, মহিলা সকলে ঘৰৰ কাম কাজ এৰি এই প্ৰতিবাদী কাৰ্যসূচিত অংশগ্ৰহন কৰা পৰিলক্ষিত হয় ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …