কলিয়াবৰৰ মিছাত আৰক্ষীৰ অভিযান: চেগুণ ভৰ্তি টাটা AC জব্দ

অসম সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ মিছাত আজি ৭ মান বজাত মিছা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে As 12 E 1480 নম্বৰৰ টাটা এচি গাড়ীত প্ৰায় ৫০ হাজাৰ মূল্যৰ চেগুণ কাঠৰ ফান্টা । আৰক্ষীৰ দলটিয়ে টাটা এচি গাড়ী খনৰ সৈতে চেগুণ কাঠ খিনি জব্দ কৰে জদিও আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ড্ৰাইভাৰ আৰু হেন্দীমেন পলাই যাবলৈ সক্ষম হয় । আৰক্ষীৰ দলটিয়ে চেগুণ ভৰ্তি টাটা এচি গাড়ী খন জব্দ কৰি চালনা বনবিভাগক খবৰ দিয়ে আৰু চালনাৰ বন বিভাগৰ এটি চাৰি জনিয়া দল মিছা আৰক্ষী থানাত উপস্থিত হৈ মিছা আৰক্ষীয়ে জব্দ কৰা চেগুণ ভৰ্তি টাটা এচি গাড়ী খন নিজৰ যিন্মাত লৈ চালনা বনবিভাগৰ কাৰ্যলয়লৈ লৈ যায় ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …