দুলীয়াজানত জাতি প্ৰেমী এলবাম “অ’ মোৰ দেশৰ মানুহ” উন্মোচন

দুলীয়াজানৰ পৰা জয়ন্ত ভূঞা,অসম সংবাদ: সম্প্ৰতি অসমীয়া জাতিৰ সংকটৰ বেলা জাতি প্ৰেমেৰে উদ্বুদ্ধ কৰা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত লক্ষ্যৰে দুলীয়াজানৰ কণ্ঠশিল্পী দিগন্ত দত্ত (দিগু)ই প্ৰস্তুত কৰি উলিয়াইছে “অ’ মোৰ দেশৰ মানুহ” শীৰ্ষক দেশপ্ৰেমমুলক এলবাম। আজি সন্ধিয়া দুলীয়াজানৰ হোটেল ময়ুৰীত জ্যেষ্ঠ সাংবাদিক কৰুণজ্যোতি শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত এলবামটো উন্মোচন কৰা হয়। উন্মোচনী সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা হিৰেন গগৈ, জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰঠাকুৰ, চুতীয়া ছাত্ৰ সন্থাৰ নেতা জিতু শইকীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ নেতা ৰত্ন থাপা আদিৰ লগতে কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানটোৰ আতঁধৰে সাংবাদিক জয়ন্ত ভূঞাই । উল্লেখযোগ্য যে সাংবাদিক প্ৰদীপ বড়াৰ কথা আৰু সুৰ আৰোপিত গীতটোৰ সংগীত হিৰকজ্যোতি নাথৰ । সাম্প্ৰতিক সময়ত গীতটোৱে অসমীয়া ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হ’ব বুলি অনুষ্ঠানত উপস্থিত ব্যক্তিসকলে মত প্ৰকাশ কৰে ।

মন্তব্য

পঢ়িব পাৰে

ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাত উজলিল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’: আজুৰিলে চাৰিটাকৈ সন্মান

নিউজ ডেস্ক,অসম সংবাদ: ৬৫ সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা অসমৰ ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰ্ছ’লৈ শ্ৰেষ্ঠ ছবিৰ …