অৱশেষত কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ বিজেপি

নিউজ ডেস্ক,অসম সংবাদ: অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি দলে ৷ কালি ঘোষিত নিৰ্বাচনী ফলাফলত একক বৃহৎ দল হিচাপে জয়ী হোৱা বিজেপি দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে ৰাজ্যপালে ৷ প্ৰাক্তন এটৰ্ণি জেনেৰেল মুকুল ৰহটেগীৰ সৈতে হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যপাল ভালোভাই ভালাই ৷ সেইমৰ্মে কাইলৈ পুৱা ৯ বজাত নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব বি এছ য়েডিয়ুৰাপ্পাই ৷ লগতে বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১৫ দিনৰ সময় দিয়ে ৰাজ্যপাল গৰাকীয়ে ৷ ১৫ দিনৰ পিছত অনুষ্ঠিত হ’ব আস্থা ভোট ৷ উল্লেখ্য যে, কালি ঘোষিত ফলাফলত বিজেপিয়ে লাভ কৰিছিল ১০৪ খন আসন ৷ ইয়াৰ বিপৰীতে JD(S) আৰু কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিছিল ১১৭খন আসন ৷ যাৰ ফলত কৰ্ণাটকত পৰৱৰ্তী চৰকাৰ গঠনক লৈ এক ওলোমা বিধানসভাই দেখা দিছিল ৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …