মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভীমবৰ পাৱেৰ পৰলোক

নাৰায়নপুৰৰ পৰা গোপাল গোৱালা,অসম সংবাদ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভীমবৰ পাৱে যোৱা কালি ৰাতি ৮বজাত গুৱাহাটী বি বৰুৱা হস্পিতেলত জীৱন নাটৰ সামৰণি পৰে ।লখিমপুৰ জিলাৰ বদতি চাঙ্গিনী সত্ৰৰ প্ৰতিস্থাপক পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰন সদস্য হিচাপে কাৰ্যনিৰ্বাহক কৰি অহা পাৱে ২০১৮ চনত বদতি কুমাৰ কটা চাঙ্গিনী সত্ৰৰ পৰা বটা লাভ কৰে । বিশেষকৈ অসমৰ জনজাতি সকলক মহাপুৰুষ শংকৰদেৱৰ গুৰু ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অপ্ৰান চেষ্টা কৰিছিল । উল্লেখ্য যে বৈষ্ণৱ পণ্ডিত গৰাকীৰ পৰলোকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কালোৰাম পেগু,মিচিং সংগঠন টিএম‌এমকে ৰ কেন্দ্ৰীয় সদস্যা নিৰু দাং, টিএমপিকে ৰ বিহপুৰীয়া জিলা সমিতি, এম এমকেৰ বিহপুৰীয়া জিলা সমিতি, টেমেৰা গাওঁ উন্নয়ন সমিতি, টেমেৰা নৱশাৰদীয় যুব ক্লাব, টেমেৰা পৰমানন্দ প্ৰাথমিক,বিজেপি দলৰ হৈ নাৰায়নপুৰ ব্লক মণ্ডলৰ প্ৰাক্তন সভাপতি চুনিল টাৱে,পূব নাৰায়নপুৰ নিৰ্মাণ শ্ৰমিক সন্থাকে ধৰি বিভিন্ন অনুস্থান-প্ৰতিস্থান,দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেসী আত্মাই চিৰ-শান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা জনায় পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।প্ৰাক্তন পদাধিকাৰ গৰাকীৰ পৰলোকৰ সময়ত চাৰি গৰাকী পুত্ৰ আৰু চাৰি গৰাকী জীৱাৰী লগতে কেইবাগৰাকী নাতি-নাতিনী ইহকালত এৰিথৈ যায় ।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …