অসমৰ বিহু বাৰটা : এখন আজৱ ব্যাকৰণ

চাপৰৰ পৰা উদয়াদিত্য ৰায়ৰ সহযোগত বিক্ৰম ৰঞ্জন ৰয়, অসম সংবাদ: এখন আজৱ ব্যাকৰণ ৷ এই ব্যাকৰণখন পঢ়িলে আপুনি আচৰিত হ’ব ৷ আপুনি মই সকলোৱে জানো অসমৰ বিহু তিনিটা। কিন্তু এই ব্যাকৰণখনত লিখা আছে অসমৰ বিহু বাৰটা ৷ অকল সেয়াই নহয়, প্ৰতিটো মাহৰ অন্তিম দিনা অসমত পালন কৰা হয় বিহু ৷ হয়, এইখন এখন আজৱ ব্যাকৰণ আৰু ৰচনা ৷ এই আজৱ ব্যাকৰণখনৰ প্ৰকাশক ধুবুৰীৰ নিউ মহম্মদীয় পুস্তকালয় ৷ এই আজৱ কিতাপখনৰ নাম “সহজ ব্যাকৰণ আৰু ৰচনা” ৷

আজৱ কিতাপখনৰ লিখক কেবাজনো ৷ বেটুপাতত লিখক হিচাপে নাম আছে মো: ই আলী ৷ আনহাতে ভিতৰৰ পৃষ্ঠাত লিখক হিচাপে নাম আছে ভূঁইয়া আৰু মোল্লা ৷

এই কিতাপখনত প্ৰতিটো মাহৰ শেষৰ দিনটো বিহু বোলা হয় বুলি উল্লেখ থকাৰ লগতে অসমৰ বিহু বাৰটা বুলি উল্লেখ আছে ৷ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হোৱাৰ পিছতে “অসম সংবাদ”ৰ সাংবাদিকে কিতাপখনৰ সন্ধানত চলাইছিল অভিযান ৷ অৱশেষত ধুবুৰী জিলাৰ চাপৰৰ এখন কিতাপ দোকানত আজৱ কিতাপখন বিচাৰি পাবলৈ সক্ষম হয় আমাৰ সাংবাদিকে ৷ কিতাপখনত অসমৰ বিহুক বিকৃত ৰূপক উপস্থাপন কৰা বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই বিষয়টো সন্দৰ্ভত বঙাইগাঁও জিলা সাহিত্য সভাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই প্ৰকাশক গোষ্ঠীৰ বিৰুদ্ধে বিহুক ধৰ্মীয়কৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে । এনে বিভ্ৰান্ত মূলক তথ্যৰে ছাত্র-ছাত্ৰীসকলৰ জীৱন ধ্বংস নকৰিবলৈ সকীয়াই দিয়ে প্ৰকাশক গোষ্ঠীক । ইপিনে, চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা “সহজ ব্যাকৰণ আৰু ৰচনা” মাত্ৰ এটা উদাহৰণহে । এই প্ৰকাশক গোষ্ঠীৰ আছে নিম্ন প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ বিভিন্ন বিষয়ৰ সহায়িকা । এতিয়া প্ৰশ্ন হল এই সহায়িকাসমূহ কিমান গ্ৰহণযোগ্য । শিক্ষা বিভাগে এইসমূহ প্ৰকাশকক নাকি লগাব পাৰিবনে ?? এয়া এক ডাঙৰ প্ৰশ্ন ৷

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …