কলিয়াবৰত কেন্দ্ৰীয় আইন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ

অসম সংবাদ,কলিয়াবৰ: অসমত বিজেপিৰ সাংসদ নথকা সমষ্টি কেইটাত কেন্দ্ৰীয় আইন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী তথা অসমৰ দায়িত্ব প্ৰাপ্ত বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে দলীয় সাংগঠনিক অভিযান। ইয়াৰে অংশ হিচাপে বৰ্তমান কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিটো বিজেপি য়ে নিজৰ দখললৈ অনাৰ পৰিকল্পনাৰে জখলাবন্ধাত অনুষ্ঠিত কৰে “কাৰ্য্যকৰ্তা সন্মিলন”। কলিয়াবৰৰ জখলাবন্ধা মিলন সংঘৰ প্ৰাঙ্গনত আজি অনুষ্ঠিত বিজেপিৰ এই “কাৰ্য্যকৰ্তা সন্মিলন”ত কেন্দ্ৰীয় আইন তথা তথ্য প্ৰযুক্তি মন্ত্ৰী তথা অসমৰ দায়িত্ব প্ৰাপ্ত বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ঘোষনা কৰে যে আগন্তুক ২০১৯ চনৰ লোক সভা নিৰ্বাচনত বিজেপি য়ে অসমৰ ১৪ টা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্ব দিয়াৰ প্ৰস্তাৱ দলে গ্ৰহণ কৰিছে। ইতিমধ্যে ভাৰতৰ ১৩খন বিজেপি শাসিত ৰাজ্যত দলৰ মুখ্য মন্ত্ৰী আৰু ৫খন ৰাজ্যত উপ-মুখ্য মন্ত্ৰী থকা দলটি সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি কাৰ্য্যকৰ্তা সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ভাষন প্ৰদান কৰে। নগাঁও, যোৰহাট আৰু গোলাঘাট জিলাক সামৰি গঠিত ১৪নং কলিয়াবৰ লোক সভা সমষ্টিৰ সাংগঠনিক জিলা সমিতি, মণ্ডল সমিতিৰ বিষয়ববীয়া, বিধায়ক আৰু নিগম নিকায়ৰ বিষয়াসকলৰ লগতে বিজেপি দলৰ সাতোটাকৈ মৰ্চাৰ বিষয়ববীয়া সকলৰ এই “কাৰ্য্যকৰ্তা সন্মিলনত” ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি দিপ্লুৰঞ্জন শৰ্মাৰ উপৰিও দলটিৰ ৰাজ্যিক নেতৃত্বৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত বিজেপি দলৰ ১২ জন প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ এই “কাৰ্য্যকৰ্তা সন্মিলন”ত নীতি নিৰ্দেশনা আজি প্ৰদান কৰিলে দলীয় শীৰ্ষ নেতৃত্বই।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …