থলুৱা ভাষা-সংস্কৃতিক গুৰুত্ব দিয়ক অসমীয়াই: নলবাৰীত গ্ৰন্থ উন্মোচন সভাত ড° অমৰজ্যোতি চৌধুৰী

অসম সংবাদ , নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী প্ৰেছ ক্লাৱৰ সহযোগত আজি বিশিষ্ট হোমিঅ চিকিৎসক তথা লেখক ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্য্যৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । নলবাৰী সাহিত্য সমাজৰ প্ৰাংগনত তদুপলক্ষে ৰাতিপুৱা ১০ -৩০ বজাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয় । সভাত মূখ্য অতিথি হিচাপে প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমণি শইকীয়া, অসম চৰকাৰৰ অতিৰিক্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সুব্ৰত শৰ্মা, ডাঃ উমেশ বড়ো উপস্থিত থাকে । ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্যৰ ‘ৰোগী বিচাৰি ‘আৰু সংস্কৃতি বিষয়ক’ গ্ৰন্থ দুখন উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ, কবি ডঃ অমৰজ্যোতি চৌধুৰীয়ে । ডঃ চৌধুৰীয়ে ভাষন প্ৰসংগত কয় যে – অসমৰ ভাষা -সাহিত্য আৰু সংস্কৃতি ৰক্ষা কৰিব লাগিলে থলুৱা ভাষা গোষ্ঠীৰ বিকাশত গুৰুত্ব দিব লাগিব । তেওঁ আৰু কয় যে চিকিৎসাৰ দৰে মহান বৃত্তিত জড়িত হৈ থাকিও সাহিত্য সাধনাত ব্ৰতি হৈ থাকি ডাঃ প্ৰানকান্ত ভট্টাচাৰ্যই অনন্য ব্যক্তিত্বৰ প্ৰতিভা দাঙি ধৰিছে আৰু গ্ৰন্থ দুখন পাঠক সমাজে আদৰি লব বুলি আশা প্ৰকাশ কৰে । আদিতে বন্তি প্ৰজ্বলন কৰে নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি জীতেন শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী সাহিত্য সমাজৰ সভাপতি ডাঃ মকিবৰ ৰহমান আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ কলিতাই । নলবাৰীৰ শতাধিক বৌদ্ধিক তথা সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থকা সভাৰ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মা আৰু সাংবাদিক মজিবুৰ ৰহমানে আঁত ধৰে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰী যজ্ঞভূমিত সেউজী সাহিত্য কাননৰ সভা সম্পন্ন

অসম সংবাদ,নলবাৰী: অসম সাহিত্য সভাৰ পঞ্জীয়ণভুক্ত শাখা সভা সেউজী সাহিত্য কাননৰ বাৰ্ষিক সভা, প্ৰতিষ্ঠা দিৱসৰ …