পুনৰ বিতৰ্কত জুবিন গাৰ্গ: কামাখ্যাত নিষিদ্ধ ঘোষণা জুবিনক

নিউজ ডেস্ক,অসম সংবাদ: পুনৰ বিতৰ্কৰ মাজত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গ ৷ এইবাৰ কামাখ্যাৰ বিহুমঞ্চত জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্য ৷ সোমবাৰে কামাখ্যাত অনুষ্ঠিত বিহুৰ মঞ্চত গীত পৰিৱেশনৰ মাজতে জুবিন গাৰ্গে “মা কামাখ্যাই নিবিচাৰে বলি বিধান, জীৱক মৰম কৰক বলি–বিধান বন্ধ কৰক।” –এই মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰে ৷ “ম’হ বলি দিয়াতকৈ নিজক বলি দিব লাগিছিল গোবিন্দাই, মই এটা ম’হৰ সৈতে ছবি নিৰ্মাণ কৰিম।’– কামাখ্যাত ম’হ বলি দি পূজা আগবঢ়োৱা বলীউডৰ অভিনেতা গোবিন্দাক তীক্ষ্ণ ভাষাৰে সমালোচনা জুবিন গাৰ্গৰ ৷ আনহাতে, ব্ৰাহ্মণসকলৰ লগুণক লৈও আন এক বিতৰ্কিত মন্তব্য জুবিনৰ– ‘লগুণ একো একোখন মানপত্ৰ, ৯টা গুণ পালেহে লগুণ পায়, মই কিয় লগুণ ছিঙিলো মোৰ ছবি কাঞ্চনজংঘাত সেয়া দেখুৱাইছোঁ।’ কামাখ্যাত বলি-বিধানৰ বিৰোধিতাৰে কৰা এই মন্তব্যৰ পিছতে একাংশৰ তীব্ৰ ৰোষৰ বলি হৈছে শিল্পীগৰাকী ৷ জুবিন গাৰ্গে ক্ষমা নুখুজা পৰ্যন্ত শক্তিপীঠত জুবিনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে কামাখ্যাৰ বিহু মঞ্চতো জুবিনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …