মিছেছ শইকীয়ানী

নয়নমণি দত্ত

আজি মিছেছ শইকীয়ানী আৰু শইকীয়াৰ বিবাহ বাৰ্ষিকীৰ উপলক্ষ্যে দুই এঘৰ লোকক নিমন্ত্ৰণ জনাই এটি সৰু পাৰ্টি আয়োজন কৰিছে |
‘হেৰা,এইপিনে আহাচোন ,মোৰ এই ব্লাউজৰ পিছফালৰ ৰছীকেইডাল ভালদৰে বান্ধি দিয়াচোন আৰু এই নেকলেচডালৰ হুকটো ভালকৈ লগাই দিবা দেই আৰু তুমি ৰেডী হ’লাগৈ নে?সকলোবোৰ যোগাৰ ঠিকঠাকে কৰিলা নে?’
‘ ওমমম,সকলোবোৰ কৰিলো আৰু যদি কিবা কৰিবলৈ আছে ইয়াতেই কৈ লোৱা।নহ’লে পাৰ্টিত এনেই মিছাতে তুমি নিজৰ নামেই ল’বা।’
‘কি ক’লা,আকৌ এবাৰ কোৱাচোন !’
‘একো নাই অ’ ,এনেই তোমাক মৰমতে ধেমালিহে কৰিছো।’
‘হ’ব হ’ব, এতিয়া ধেমালি নকৰিবা |মোক সেই আলমাৰিটোত থকা বক্সটোৰ ভিতৰৰ পৰা খাৰুখিনি উলিয়াই দিয়াচোন।’
‘এইবোৰ ইমানকৈ নিপিন্ধিলেও হয়চোন।তুমি এনেও ধুনীয়া হৈয়েই আছা।’
‘ওমমম,শৰ্মানীহঁতৰ আগত কি মই এই খালী হাত দুখন লৈ ওলাম নেকি?দিয়া দিয়া।দেৰি কৰি নাথাকিবা।তুমি এতিয়া সকলোবোৰ কাম আজৰি কৰি মই উলিয়াই থোৱা এইযোৰ কাপোৰ পিন্ধি ল’বা |’
মিছেছ শইকীয়ানীয়ে আইনাখনৰ আগত ৰৈ কথাকেইটা কৈ পুনৰ তেওঁ নিজৰ সাজসজ্জাত ব্যস্ত হৈ পৰে আৰু ইফালে শইকীয়াই বৰ্তমান পিন্ধি থকা হাফপেন্ট গেঞ্জি আৰু কান্ধতে থকা গামোছাখনৰ ফালে এবাৰ চকু ফুৰাই বিচনাখনতে পৰি থকা কাপোৰযোৰলৈ থৰ লাগি চাই ৰয়।
‘অ’ মিছেছ শৰ্মানী ,আহক আহক….অ’ বৰুৱানী,আহক আহক ভিতৰলৈ।মই আপোনালোকৰ বাবেই ৰৈ আছিলো।বহক বহক।’
‘আজি আপোনাক বৰ ধুনীয়া দেখাইছে।
‘অহ,থেংকিউ !’ মিচিকীয়া হাঁহি এটি মাৰি মিছেছ শইকীয়ানী পাৰ্টিলৈ অহা অতিথি সকলৰ সৈতে কথা পতাত ব্যস্ত হৈ পৰিল আৰু ইফালে শইকীয়াই ভিতৰত সকলোৰে বাবে খোৱাৰ যোগাৰ কৰোতে তেওঁলৈ বুলি উলিয়াই থোৱা কাপোৰযোৰ পিন্ধিবলৈ শইকীয়াৰ সময় অলপ উলিয়াবলৈকে টান হৈ পৰিল।তেনেতে মিছেছ শইকীয়ানী ভিতৰলৈ আহি শইকীয়াক কাপোৰযোৰ পিন্ধিবলৈ পৰামৰ্শ দিলেহি |
‘হেৰা,তুমি কাপোৰযোৰ পিন্ধি নোলোৱাগৈনো কিয়?সকলোৱে মোক তোমাৰ কথা সুধি আছে।যোৱা সোনকাল ক’ৰাগৈ !’
শইকীয়াই লৰালৰিকৈ কামবোৰ শেষ কৰি ভিতৰলৈ যায়।শইকীয়াই বনাই থোৱা কফিৰ ট্ৰেখন মিছেছ শইকীয়ানীয়ে হাততে লৈ হাঁহি হাঁহি বাহিৰলৈ ওলাই আহে |
‘এয়া লোৱা,অলপ কফিকে খাই লোৱা।’
‘ওম,বৰ সুন্দৰকৈ বনাইছে দেই শইকীয়ানী।’
‘এহ,কি যে কয় আৰু দেই।আপোনালোকে খাওঁকচোন।মই বাকীবোৰৰ যোগাৰ কৰি লৈ আনোগৈ।’
সকলোৰে বাবে খোৱাৰ প্লেটসমূহ যোগাৰ কৰি সকলোকে শইকীয়ানীয়ে বিলাই দি সকলোৰে পৰা সুন্দৰ সুন্দৰ খোৱাৰ প্ৰশংসা বুটলিলে |
‘ৰাতিপুৱাৰ পৰা এইবোৰ অকলে অকলে যোগাৰ কৰিছো বুজিছে। মই খুব বনাই ভাল পাওঁ।এওঁ মোক অলপ সহায় কৰি দিম বুলিও কৈছিল। পিছে মইহে ক’লো, আজি নালাগে দিয়া।আমাৰ এই সুন্দৰ দিনটিত তুমি অলপ আৰাম কৰা |’
মিছেছ শইকীয়ানীয়ে সকলোৰে আগত নিজৰ প্ৰশংসা কৰি থাকোতে মাজতে শৰ্মানীয়ে ঠাট্টাৰ সুৰত মাত দিয়ে,
‘সচাঁই মিছেছ শইকীয়ানী,আপুনিযে বৰ ভাগ্যৱান দেই,এনে এজন শইকীয়াৰ দৰে মানুহ পাইছে।যিজনে হয়তু আপুনি চিলেক্ট কৰি দিয়া কাপোৰযোৰ পিন্ধিবলৈ পাহৰি পাকঘৰত কাম কৰি থকা কাপোৰযোৰেই পিন্ধি আহিলে।আপোনাৰ চইচ্ মানিছো দেই মিছেছ শইকীয়ানী….হাঃ হাঃ হাঃ…!!’

মন্তব্য

পঢ়িব পাৰে

দাঁত

?প্ৰাঞ্জল দলৈ ৰাভা জনজাতিৰ ছোৱালী এজনীক বিয়া কৰাম বুলি ভাবি ঠাট্টাৰ সন্মুখীন হৈছে টোপাল কলিতা। …