ভৰি ফুলাৰ কাৰণসমূহৰ সৈতে পৰিচিত হওঁক

ডা০ ভূপেন শইকীয়া

বহুত মানুহে চিকিৎসকৰ ওচৰলৈ আহে ভৰি ফুলাৰ আপত্তিলৈ ইয়াৰ প্ৰতিকাৰ বিচাৰি ৷ আনহাতে বহু ৰোগী চিকিৎসকৰ ওচৰলৈ আহে আন ৰোগ দেখুৱাবলৈ আৰু তেওঁলোকৰ শৰীৰটো পৰীক্ষা কৰোতে ভৰি ফুলা ধৰা পৰে ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এনে অৱস্থাক Oedema বোলে ৷ ঘাইকৈ হৃদৰোগ, কিডনিৰ অসুখ, লিম্ফেটিক প্ৰণালীৰ অসুখ আৰু মহিলাৰ গৰ্ভৱস্থাত ভৰি ফুলিব পাৰে ৷
এতিয়া এনে হোৱাৰ বিভিন্ন কাৰণ সমূহলৈ লক্ষ্য কৰক : –
• হৃদৰোগ – নানান হৃদপিণ্ডৰ অসুখ হলে মানুহৰ ভৰি ফুলে ৷ কনেজটিভ কাৰ্ডিয়াক ফেইলাৰ,কাৰ্ডিঅ’মায়পেথি (হৃদয়ৰ মাংসপেশীৰ ৰোগ), পেৰিকাৰ্ডাইটিচ আদিৰ নাম উল্লেখযোগ্য ৷ প্ৰসাবৰ পৰিমাণ বঢ়োৱা দৰব (Diuretics) আৰু ৰোগৰ কাৰণ অনুসৰি চিকিৎসা ৰোগীক প্ৰদান কৰা হয় ৷
• কিডনিৰ অসুখ – কিডনিৰ কাম হ’ল তেজ শোধন কৰি অপৰিষ্কাৰ দ্ৰব্যসমূহৰ প্ৰসাবৰ মাধ্যমেৰে শৰীৰৰ বাহিৰলৈ ওলিয়াই দিয়া ৷ সুস্থ কিডনিয়ে আমাৰ দেহৰ পানীৰ সন্তুলন বৰ্তাই ৰাখে ৷ কিডনিৰ বিজুটি ঘটিলে যেনে নেফ্ৰটিক চিনড্ৰমত ইয়াৰ ফিল্টাৰ কৰাৰ ক্ষমতা হ্ৰাস পায় ৷ ফলত শৰীৰত পানী আৰু খনিজ (Salt) জমা হবলৈ ধৰে ৷ কিডনিৰ অসুখত ভৰি ফুলাৰ ওপৰি মুখমণ্ডলো ফুলি উঠে (ঘাইকৈ পুৱাৰ ভাগত) ৷
• লিভাৰৰ অসুখ – চিৰচিচ বা আন লিভাৰৰ অসুখ হলে লিভাৰৰ পৰা উৎপন্ন হোৱা এলবুমিনৰ উৎপাদন হ্ৰাস পায় ৷ আকৌ লিভাৰৰ ভিতৰৰ প্ৰেছাৰ বাঢ়িলেও (পৰ্টেল হাইপাৰটেনচন) ভৰি ফুলা পৰিলক্ষিত হয় ৷
• ৰক্তপ্ৰবাহী নলীৰ (Vein) বিজুটি – মানৱ দেহৰ ভেইন বিলাকে তেজ পাম্প কৰি হৃদযন্ত্ৰলৈ প্ৰেৰণ কৰে ৷ এই ক্ৰিয়া মধ্যাকৰ্ষণৰ বিপৰীতে হয় ৷ ভেইনসমূহত থকা ভালভে তেজৰ প্ৰবাহ বিপৰীতমুখি হব নিদিয়ে ৷ কিন্তু সেই ভালভসমূহ দূৰ্বল হলে তেজৰ প্ৰবাহ বাধাগ্ৰস্ত হ’লে ভৰি ফুলা দেখা যায় ৷
• ডিপ ভেইন থ্ৰম্বচিচ – কিছুমান বিশেষ অৱস্থাত তেজৰ গভীৰ নলীৰ প্ৰবাহ বাধাপ্ৰাপ্ত হ’লে Oedema হোৱা দেখা যায় ৷ হাৰ্ট ফেইলাৰ,গৰ্ভাৱস্থা,সংক্ৰমণ আদিৰ ফলত এনে হব পাৰে ৷
• গৰ্ভাৱস্থা – গৰ্ভকালীন অৱস্থাত গৰ্ভস্থ সন্তানৰ ওজনৰ ফলত তেজ আৰু লিম্ফৰ প্ৰবাহ বাধাপ্ৰাপ্ত হ’লে ভৰি ফুলিব পাৰে ৷
• লিম্ফটিক প্ৰণালীৰ অবৰোধ – কৰ্কট ৰোগ, সংক্ৰমণ,ৰেডিয়েচন আদিৰ ফলত লিম্ফটিক প্ৰণালীৰ প্ৰবাহ বাধাপ্ৰাপ্ত হ’লে Oedema হব পাৰে ৷
• বহু সময়ৰ নিষ্ক্ৰিয়তা- একে অৱস্থাত বহুসময় বহি থাকিলে বা ঠিয়হৈ থাকিলে (উদাহৰণ দীৰ্ঘকালৰ যাত্ৰাত) ভৰি ফুলা দেখা যায় ৷
• ঔষধৰ প্ৰভাৱত – কিছুমান দৰবৰ পাৰ্শ্বক্ৰিয়াস্বৰূপে ভৰি ফুলিব পাৰে ৷ তেনে কিছুমান দৰবৰ উদাহৰণ হ’ল – গৰ্ভনিৰোধক পিল, ষ্টেৰয়ড দৰব, হৰমোন, ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপৰ কিছুমান ঔষধ (যেনে কেলচিয়াম চেনেল ব্লকাৰ), বিষহাৰক দৰব (আইব্ৰ’প্ৰফেন,নেপ্ৰক্সেন) আদি ৷
• হাঁড়ৰ নানাবিধ ৰোগ – ৰিউমেটইড আৰ্থাইটিজ ৰোগ,অষ্টিঅ’আৰ্থাইটিজ ৰোগ, বৰ্ধিত ইউৰিক এচিডে কৰা গাউট ৰোগ আদিত ভৰি ফুলা সততে দেখা যায় ৷
• মেদবহুলতা -এই অৱস্থাত প্ৰায়ে ভৰি ফুলা দেখা যায় ৷
• আঘাত – ভৰি বা কঁকালত পোৱা যি কোনো দূৰ্ঘটনাৰ পৰিনাম স্বৰূপেও ভৰি ফুলিব পাৰে ৷
• এনিমিয়া-গুৰুতৰ ৰক্তহীনতাৰ ফলত শৰীৰত খনিজ আৰু পানী জমা হোৱাৰ ফলত ভৰি ফুলিব পাৰে ৷
• থাইৰয়েড হৰমোনৰ অভাৱ – হাইপোথাইৰয়েডিজমৰ ফলত শৰীৰত খনিজ আৰু পানী জমা হোৱাৰ ফলত ভৰি ফুলিব পাৰে ৷

ভৰি ফুলাৰ কাৰণ চিনাক্তকৰণ আৰু চিকিৎসা : –

এজন ৰোগীক প্ৰথম দৃষ্টিত চায়েই চিকিৎসকে ভৰি ফুলা বুলি গম পালেও তাক প্ৰমাণিত কৰিবলৈ এটি সহজ পদ্ধতিৰ প্ৰয়োগ কৰে ৷ ৰোগীৰ ভৰিৰ হাঁড় যেনে টিবিয়া বা মেটাটাৰ্চেল ব’নৰ ওপৰত এটা আঙুলিৰে প্ৰায় এক মিনিট হেঁচি ধৰিলেই অংশটোত গাতৰ সৃষ্টি হোৱা দেখা যায় আৰু ইয়াকে Pitting oedema বোলে ৷
লেবৰেটৰীত কৰিবলগীয়া লাগতিয়াল পৰীক্ষাসমূহ- প্ৰসাব পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী ৷ মহিলাৰ গৰ্ভাৱস্থা প্ৰসাব পৰীক্ষাত চিনাক্ত হব পাৰে ৷ কিডনিৰ,হৃদযন্ত্ৰৰ, লিভাৰৰ অসুখ আৰু ডায়েবেটিজ প্ৰসাব পৰীক্ষাত ধৰা পৰে ৷ ৰুটিন তেজ পৰীক্ষাৰ দ্বাৰা এনিমিয়াৰ কথা জানিব পাৰি ৷ তেজত চুগাৰ চালে ডায়েবেটিজ,থাইৰয়েড হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিলে হাইপোথাইৰয়েডিজম চিনাক্ত হব ৷ SGOT, SGPT, Alkaline phosphatise, Bilirubin, Serum Protein level আদি তেজৰ পৰীক্ষা কৰিলে লিভাৰৰ অসুখ ধৰা পৰিব ৷ Urea, Creatinine,Uric acid, Serum Cholesterol আদি তেজৰ পৰীক্ষা কিডনিৰ অসুখ চিনাক্ত কৰিবলৈ কৰাৰ প্ৰয়োজন ৷ বক্ষৰ এক্সৰে, ইচিজি,ইকোকাৰ্ডিঅ’গ্ৰাফি, তেজৰ cardiac enzymes পৰীক্ষা হৃদৰোগ চিনাক্ত কৰিবৰ বাবে প্ৰয়োজনীয় ৷ পেটৰ আলট্ৰাচাউণ্ড বা চি টি স্কেন বহুক্ষেত্ৰত হৃদৰোগ আৰু কিডনিৰ অসুখ চিনাক্ত কৰিবলৈ কৰিবলগীয়া হব পাৰে ৷

থোৰতে চিকিৎসাৰ বিষয়ে ক’বলৈ হলে ফুলা কমাবলৈ নানাধৰণৰ প্ৰসাব বৃদ্ধি কৰা দৰবৰ (Diuretics ) প্ৰয়োগ কৰা হয় ৷ হাৰ্ট ফেইলাৰত ডিগক্সিন দি চিকিৎসা কৰা হয় ৷ তদুপৰি Oedema হোৱাৰ কাৰণ উদ্ধাৰ কৰি সেইমতে প্ৰয়োজন হোৱা চিকিৎসা দিয়াতো আৱশ্যকীয় ৷ খাদ্যৰ দিশত নিমখ খোৱাটো কমোৱাতো অতীব প্ৰয়োজনীয় ৷

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …