অসমৰ একাংশৰ ৱাটচএপ গ্ৰুপ আৰু ফেচবুকত সাম্প্ৰদায়িক পোষ্ট: নীৰৱ চৰকাৰী বিভাগ

যোৰহাটৰ পৰা নেকিব আহমেদ,অসম সংবাদ: ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ হবলৈ গৈ আছে । সেই খচৰালৈ ৰাজ্যৰ সকলো দল সংগঠনৰ লগতে সকলোৱে বাট চাই আছে । এটা ৰাজনৈতিক দলেও এতিয়া কেৱল ৩০ জুনৰ কথাকে কৈ আছে । কিন্তু তাৰ বিপৰীতে চচিয়েল মেডিয়াৰ ৱাতচাপৰ কিছু গ্ৰুপত আৰু ফেচবুক ত একাংশই ভুৱা একাউণ্ট খুলি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাকৈ কিছু উচটনি দিয়া পোষ্ট দিয়া পৰিলক্ষিত হৈছে । কিছুমানে পাকিস্তান, বাংলাদেশৰ কিছু আপত্তি জনক ফটো আৰু পোষ্ট সমূহ একাংশই শ্বেয়াৰ কৰাৰো পৰিলক্ষিত হৈছে । সেই অপতিজনক পোষ্ট সমূহৰ বিৰুদ্ধে অসম চৰকাৰৰ বিভাগীয় তথা আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বহু লোকে ফেচবুক আদি বন্ধ কৰিবলৈ বাধ্য হৈছে । এই অপতিজনক পোষ্ট সমূহ হিন্দু আৰু মুছলমানক লৈয়ে বেছি সাম্প্ৰদায়িক পোষ্ট আৰু একাংশই মন্তব্য দি আহিছে । অসমক অশান্ত পৰিৱেশ কৰিবলৈ এনে সমূহ পোষ্ট দি অহৰহ চেষ্টা কৰি আছে কোনো দুষ্কৃতিকাৰীযে । কোনো টি ভি , ,বাতৰি কাকতত প্রচাৰ নোহোৱা খবৰ বুলি একাংশ গ্ৰুপত কিছুমান ভুৱা আৰু কিছু লোকৰ একাউণ্টৰ পৰা এনে অপতিজনক পোষ্ট দিয়াৰ পাছতো গ্ৰুপৰ এডমিনএ কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নাযায়। এনেবোৰ গ্ৰুপৰ ওপৰত চোকা নজৰ চৰকাৰ আৰু আৰক্ষীয়ে দিয়াটো অতন্ত্য জৰুৰী হৈ পৰিছে । বিগত সময়তো এনেবোৰ গ্ৰুপৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই,। কিন্তু ইয়াৰ বিপৰীতে কোনোবাই চৰকাৰ বা মন্ত্ৰী বিধায়কক লৈ কিবা অপতিজনক পোষ্ট দিলে লগে লগে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দেখা গৈছে এইটো ভাল কথা । কিন্তু সাম্প্ৰদায়িক মন্তব্য আৰু বিদেশৰ অপতিজনক ফটো , গৰু ,পশু আদি নিধন কৰা ফটো , কোনো ধৰ্মীয় লোকক আঘাত সনাকৈ দিয়া সেই পোষ্ট সমূহ শ্বেয়াৰ কৰা লোক সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আজি যোৰহাটৰ বহু কেইজন জ্যেষ্ঠ নাগৰিকে উল্লেখ কৰিছে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …