ৰেচিপি: ভজা পদিনা পাতেৰে বনোৱা চিকেন

ৰিমা বৰা

উপকৰণ :

১/ মুৰ্গীৰ মাংস

২/ পদিনা পাত

৩/ পিয়াজ

৪/ আদা

৫/ নহৰু

৬/ জলকীয়া

৭/ বিলাহী

৮/ হালধি

৯/ নিমখ

১০/ জিৰা গুৰা

১১/ মিটমচলা

১২/ গোটা কৈ লোৱা ,লং ,ইলাচী আৰু ডালচেনী ।

প্ৰণালী:

প্ৰথমে মাংস খিনি হালধি ,নিমখ ,জিৰা গুৰি সানি মাছ ভজাৰ দৰে সৰিয়হৰ তেলত ভাজি তুলি থওক ।ইফালে পিয়াজ , আদা ,নহৰু ,জলকীয়া , বিলাহী দি মিক্সিত পেষ্ট এটা বনাই লওঁক । পুনৰ কেৰাহী খন গেছত পাতি লৈ সৰিয়হ তেল দি গৰম হব দিব ।তেল গৰম হোৱাত তাত এমুঠি মান ঠাৰি নোহোৱাকৈ পদিনাৰ পাত মচমচিয়া কৈ ভাজি তুলি লব ।সেই তেলত পুণৰ লং , ইলাচী ,ডালচেনী গোটাকৈ দি মিক্সিত পিহি লোৱা পেষ্ট খিনি দি তাত পৰিমাণ অনুসৰি হালধি ,নিমখ আৰু জিৰা গুৰি দি আটাইখিনি ভাল দৰে লৰাই থাকিব ।মচলাৰ ৰং সলনি হবলৈ ধৰাত তাত ভজা চিকেন খিনি দি দিব । চিকেন খিনি ভালদৰে মচলাত ভাজি তাত মিটমচলা অলপো দি লৰাই সামান্য পানী দি ঢাকনি লগাই দি কেৰাহীত চিকেন খিনি সিজিব দিয়ক ।চিকেনৰ পানী কমি মাংস সিজিলে ভজা পদিনাৰ পাত খিনি দি পুনৰ দুই – তিনি মিনিট ভাজিলেই তৈয়াৰ ভজা পদিনা পাতেৰে বনোৱা চিকেন ।

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …