ভাৰতবৰ্ষৰ পৰিৱেশ আন্দোলন সমূহ

দিবাকৰ ৰেণু

বিশ্বৰ প্ৰকৃতি প্ৰেমী সংগঠন সমূহৰ দৰে,ভাৰতবৰ্ষতো পৰিৱেশ আন্দোলন ৰ ফিৰিঙতি জ্বলি উঠিছিল।ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা কাহিনী সমূহক বাদ দি আমি যদি একবিংশ শতিকাৰ পিনে অগ্ৰসৰ হওঁ‌ -তেতিয়া দেখিম যে বৃটিছৰ দিনতো পৰিৱেশ আন্দোলন চেগা চৰকাকৈ হৈ আছিল।

তাৰ পৰবৰ্ত্তী সময়ত উল্লেখ যোগ্য পৰিৱেশ আন্দোলন হ’ল-চিপকো ।হিমালয়ৰ পাদদেশৰ গড়ৱাল অঞ্চলৰ ডাঠ অৰণ্যত বৃটিছ সকলে কাঠৰ মাহল আৱণ্টনৰ ব্যৱস্থা কৰিছিল।স্বাধীনতাৰ পিছতো সেই ধাৰা অৱ্যাহত আছিল।১৯৭০ চনত গড়বাল অঞ্চলত প্ৰৱল বানপানীয়ে বিস্তৰ ক্ষতি কৰে।এই বানপানীয়ে সেই অঞ্চলত বিস্তৰ খহনীয়া কৰাৰ ফলত ,সেই ঠাইৰ মাটি প্ৰদূষিত হৈ পৰে।স্থানীয় লোকে গছ কটাৰ বাবে এনে হোৱা বুলি বিশ্বাস কৰে আৰু সৰ্বোদয় কৰ্মী সৰলা দেৱী আৰু চণ্ডীপ্ৰসাদ ভট্টৰ নেতৃত্বত ‘ কশৌলী গ্ৰাম স্বৰাজ সংঘ’ নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন গঢ়ি তোলে।তেওঁলোকে সেই সংগঠনৰ নেতৃত্বত হাবিৰ গছ কটা বন্ধ কৰিবলৈ আহ্বান জনাই।কিন্তু চৰকাৰে সংঘৰ আৱেদন নাকচ কৰিলে।তাৰ পিছতেই আৰম্ভ হ’ল বিখ্যাত চিপকো আন্দোলন।

গছ-গছনি, বননি ৰক্ষা আৰু পৰিৱেশ আন্দোলন নামেৰে বিখ্যাত চিপকো আন্দোলনক বিশ্বৰ অন্যতম নাৰীয়ে অংশগ্ৰহণ কৰা আন্দোলন ৰূপে জনা যায়৷ এই আন্দোলন আছিল গণ আন্দোলন৷ স্বাধীন ভাৰতত বহু সামাজিক আন্দোলন হৈছে যদিও চিপকো আন্দোলনক ৰাইজে সদায় বিশেষ দৃষ্টিৰে চাই আহিছে৷

অবিভক্ত উত্তৰ প্ৰদেশৰ বৰ্তমান উত্তৰাখণ্ডত আৰম্ভ হৈছিল চিপকো আন্দোলন৷ প্ৰথমে এই আন্দোলন জীৱিকা আহৰণৰ থলী ৰক্ষাৰ বাবে কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই আন্দোলনৰ পৰিৱেশ আৰু বন সংৰক্ষণৰ আন্দোলন হিচাপে জনা গৈছিল৷ বিশ্বৰ অন্যতম অহিংসাৰ আন্দোলন আৰু নাৰীয়ে অংশগ্ৰহণ কৰা আন্দোলন ৰূপে জনা যায় চিপকো আন্দোলনক৷

আন্দোলনক একে সময়তে ভাৰতবৰ্ষৰ বুদ্ধিজীৱী-সমাজ সচেতকসকলে সমৰ্থন কৰিছিল৷ এই আন্দোলনত আদিবাসী, পিছপৰা শ্ৰেণীৰ লোকৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছিল৷ বন সত্যাগ্ৰহ আন্দোলন ৰূপে বিখ্যাত চিপকো আন্দোলনৰ অন্যতম বৈশিষ্ট্য আছিল এই আন্দোলনত নাৰীয়ে অগ্ৰাধিকাৰ লৈছিল৷

১৯৭৩ চনত ভাৰতবৰ্ষক জোকাৰিছিল চিপকো গণ আন্দোলনে৷ ইতিহাসৰ পাতত লিপিবদ্ধ বনাঞ্চল ৰক্ষাৰ্থে যুজঁ কৰা চিপকো আন্দোলনে ৪৫ বছৰত ভৰি দিলে৷ এই চিপকো আন্দোলনত মানুহে একো একো জোপা বৃক্ষক সাৱটি ধৰি বন ৰক্ষা কৰিছিল৷

বিশ্ৰাই নামৰ গাঁৱৰ লোকে প্ৰত্যেকজোপা গছ-গছনিক ৰক্ষা কৰিবলৈ সাৱটি ধৰিছিল৷ যাৰ বাবে এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷ হিন্দী চিপকো শব্দটোৰ অৰ্থ সাৱটি ধৰা আৰু তাৰ বাবেই এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷

সুন্দৰলাল বহুগুণা, ছন্দীপ্ৰসাদ ভট্ট আৰু গৌৰাদেৱীৰ নেতৃত্বত আৰম্ভ হৈছিল চিপকো আন্দোলন৷ চিপকো আন্দোলনৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী৷ ১০ বছৰৰ ভিতৰতে এই আন্দোলন বিয়পি পৰিছিল বিভিন্ন ঠাইলৈ৷ ১৯৮০ চনত আন্দোলনকাৰীসকলে হিমালয়ৰ বনাঞ্চল ধ্বংস নকৰিবলৈ প্ৰধানমন্ত্ৰীক বাধ্য কৰোৱাৰ লগতে বনাঞ্চল সুৰক্ষিত কৰাৰ আইন প্ৰণয়ন কৰিবলৈ দাবী উত্থাপন কৰিছিল৷

এই আন্দোলনৰ ফলতেই পৰিৱেশ মন্ত্ৰণালয় খোলা হৈছিল৷ আন্দোলনত অধিক সংখ্যক মহিলাই কোম্পানীৰ পৰা গছক ৰক্ষা কৰিবলৈ সাৱটি ধৰিছিল একোজোপাকৈ গছ৷ ১৯৭৩ চনত তেতিয়াৰ উত্তৰ প্ৰদেশ অলকানন্দা ঘাটৰ মণ্ডল গাঁৱত আৰম্ভ হয় চিপকো আন্দোলন৷ জানিব পৰা মতে, চৰকাৰে পৃষ্ঠপোষকতাতেই থাকিয়েই আদেশ জাৰি কৰিছিল বনাঞ্চল ধ্বংস কৰিবলৈ৷

বিদেশৰ পৰা অহা কোম্পানীক বনাঞ্চল ধ্বংস কৰি খেলৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ মাটি বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাইছিল চৰকাৰে৷ কিন্তু গাঁওবাসীৰ ৰঙা চকু আৰু অদম্য সাহসৰ ফলত কৰা আন্দোলনৰ বাবে বন ধ্বংস কৰিব নোৱাৰিলে চৰকাৰে৷ আন্দোলনৰ গুৰিধৰোতা সুন্দৰলাল বহুগুণা, ছন্দীপ্ৰসাদ ভট্ট আৰু গৌৰাদেৱীৰ দৰে সহস্ত্ৰ লোকে দশোলী গ্ৰাম স্বৰাজ্য সংঘৰ দ্বাৰা এই যুঁজ পাছলৈও অব্যাহত ৰাখিছিল৷চিপকো আন্দোলন উত্তৰাঞ্চলৰ চামলি,উত্তৰকাশী,পিথোৰগড়,আলমোৰা,নাইনিতাল,ডেৰাডুন আদি অঞ্চললৈকে বিয়পি পৰিছিল।

ভাৰতবৰ্ষত হোৱা পৰিৱেশ আন্দোলন ৰ আন এক সূচনা কৰিছিল ৰাজস্থানৰ বিষ্ণৌ সম্প্ৰদায়ৰ লোক সকলে।ৰাজস্থানৰ পৰিৱেশ আন্দোলনৰ বিষয়ে জানিবলৈ হ’লে আমি ১৫ শতিকাৰ পটভূমিলৈ ঘূৰি যাব লাগিব।সেই সময়ৰ তাৰ জনজাতি সকলে জধেমধে গছ গছনি কাটি ধ্বংস কৰিছিল।যাৰ ফলত জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছিল।সেই সময়তে বিকানীৰত শ্ৰীজন্মেশ্বৰ ভগৱান নামৰ সাধু পুৰুষ এজনে এখন আশ্ৰম পাতি তাৰ প্ৰাকৃতিক সম্পদ সমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।তেওঁৰ ওচৰত দীক্ষা লোৱা জনজাতি সকলক পৰিৱেশ সংৰক্ষণ কৰিবলৈ উপদেশ দিয়াৰ ফলত তেওঁলোকে বিষ্ণৌ বুলি পৰিচয়ৰে গছ কটা বন্ধ কৰাৰ উপৰিও,গুৰুয়ে দিয়া ১৯ টা নীতি কথা মানি চলিছিল।১৯ টা নীতি কথাৰ আটাই বিলাকেই আছিল পৰিৱেশ সংৰক্ষণৰ সপক্ষে।বিষ্ণৌ সকলে নিৰামিষাহাৰী আছিল।তেওঁলোকে খেজুৰীৰ গছৰ পৰা উলিওৱা ৰস গ্ৰহণ কৰিছিল।১৯৬১ চনত যোধপুৰৰ ৰজাই ৰাজপ্ৰসাদ নিৰ্মাণৰ বাবে গ্ৰামাঞ্চলত এটি চূনৰ ভাটি নিৰ্মাণ কৰিবলৈ আহি বিষ্ণৌসকলে ৰোপণ কৰা অনেক খেজুৰ গছ কাটি দিছিল।তেতিয়া ৩৬৩ জন বিষ্ণৌয়ে এই কাৰ্যত ৰজাক বাধা দিছিল।বিষ্ণৌসকলক ৰজাই হত্যাৰ আদেশ দিয়াত ,সৈন্য সকলে তাকেই কৰিছিল।কিন্তু পৰবৰ্তী সময়ত সৈন্য সকলে গছ কাটিবলৈ অস্বীকাৰ কৰিলে।

কেৰেলাৰ পালঘাট জিলাৰ এক ঘন অৰণ্য হ’ল নীৰৱ উপত্যকা বা ছাইলেণ্ট ভেলী।সেই অৰণ্যৰ মাজেৰে বৈ গৈছে কুন্থিপূঝা নৈ।এক সুন্দৰ জীৱ বৈচিত্ৰ থকা এই অৰণ্যৰ মাজেৰে বৈ যোৱা নৈ খনত কেৰেলা চৰকাৰে বিদ্যুৎ উৎপাদনৰ বাবে এটা বৃহৎ বান্ধৰ পৰিকল্পনা কৰিলে।৭৫০ হেক্টৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে কৰা এই নদী বান্ধৰ বিৰোধিতা কৰিছিল কেৰেলাৰ জনসাধাৰণে।ৰাজ্যজুৰি হোৱা প্ৰতিবাদত ১৯৮০ চনত কেন্দ্ৰীয় চৰকাৰে চাইলেণ্ট ভেলী প্ৰকল্প বন্ধ কৰে।পৰবৰ্তী সময়ত অসমত অখিল গগৈৰ নেতৃত্বত সোৱণসিৰি জলবিদ্যুৎ প্ৰকল্পৰ নদী বান্ধ বিৰোধী আন্দোলনৰ কথা উল্লেখযোগ্য।

১৯৮৩ চনৰ ৮ ছেপ্টেম্বৰত কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ ছালকানি গাঁ‌ৱত এপ্পিকো আন্দোলন হৈছিল।কৰ্ণাটকত কাগজ আৰু প্লাইউড কাৰখানা ত ইউকেলিপটাছ গছক কেঁ‌চা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল।যাৰ ফলত বনাঞ্চলৰ মাটিকালি ২০% হ্ৰাস পাইছিল।তেতিয়া তাৰ জনসাধাৰণে চিপকো আন্দোলনৰ দৰে এপ্পিকো আন্দোলনৰ দ্বাৰা এই কাৰ্যৰ বিৰোধ কৰিছিল।

নদীৰ বান্ধ বিৰোধী আন্দোলন সমূহৰ ভিতৰত পৃথিৱী বিখ্যাত আন্দোলন হ’ল নৰ্মদা বাচাও।এই আন্দোলনৰ নেতৃত্ব দিছিল —মেধা পাটকাৰে।নৰ্মদা সাগৰ পৰিকল্পনা আৰু চৰ্দাৰ সৰোৱৰ পৰিকল্পনা এই প্ৰকল্পৰ অন্তৰ্ভুক্ত ।কিন্তু প্ৰকৃতি প্ৰেমী সংগঠন সমূহে এই কাৰ্যৰ বিৰোধ কৰি এক আন্দোলনৰ গঢ় দিলে —যাৰ নাম নৰ্মদা বাচাও।

অসমতো এনেদৰে নদী বান্ধ বিৰোধী আন্দোলন বৰ্ত্তমানেও অখিল গগৈৰ নেতৃত্বত চলি আছে।
অসমৰ যাদৱ পায়েং ,নামৰ ব্যক্তিজনে একক প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ ককিলামুখত মুলাই কাঠনিবাৰী নামেৰে এখন অৰণ্য নিৰ্মাণ কৰি গোটেই বিশ্বত এক নীৰৱ আন্দোলন প্ৰচাৰ কৰিছে।

ভাৰতবৰ্ষৰ মানুহে প্ৰকৃতিক মাতৃ জ্ঞান কৰে।মাতৃৰ বাবে বাৰে বাৰে মৃত্যু বৰণ কৰিবও পাৰে।যাৰ বাবে প্ৰতিদিনে নতুন নতুন প্ৰকৃতি প্ৰেমীৰ জন্ম হৈ আহিছে,এই ভাৰত ভূমিত।ভাৰতৰ সেউজ নিৰ্মাণত এই আন্দোলন সমূহক সদায় মনত ৰাখিব আমাৰ উত্তৰ প্ৰজন্মই।

(বিভিন্ন তথ্যৰ আধাৰত)

মন্তব্য

পঢ়িব পাৰে

চেনেলী বিহু, ৰেপ বিহু আৰু চেনেলৰ ৰুচিবোধ সৃষ্টিৰ দায়িত্ব

ধীৰেন শইকীয়া এইবাৰো আৰম্ভ হৈ গ’ল আমাৰ অসমত ‘চেনেলী বিহু’। নিউজ চেনেলবোৰে মাৰ্চৰ পোন্ধৰ তাৰিখ …