বিউটি টিপচ

গৌতম বৰা
সৌন্দৰ্য বিশেষজ্ঞ

• গ্রীষ্মকালত ছালখন সতেজ কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী সেৱন কৰক

• ৰ’দৰপৰা আহি পৰিষ্কাৰ পানীৰে মুখ ধুই তিয়হৰ ৰস লগাব,ই ছালখন ৰ’দে পুৰি ক’লা পৰাৰপৰা ৰক্ষা কৰিব

• ৰ’দত চকুহাল পুৰিবলৈ ধৰে আৰু মূৰ বিষ হয়,ইয়াৰপৰা পৰিত্রাণ পাবলৈ ৰুকা তিয়হৰ প্রলেপ দি চকুহাল মুদি কিছুসময় আৰাম কৰিব

• নিমপাত সিজোৱা পানী গা ধোৱা পানীত মিহলি কৰি গা ধুব,ছালখন ভালে থাকিব

• গৰমৰ দিনত কোমল শ্বেম্পুৰে চুলিকোচা অন্ততঃ সপ্তাহত চাৰিবাৰ ধুব,কাৰণ ঘাম লাগি চুলি সৰিবলৈ ধৰিব

• বাহিৰলৈ ওলালে ছানস্ক্রীন আৰু ছাটি অৱশ্যেই ব্যৱহাৰ কৰিব

•যিমানেই গৰম নহওঁক,ছালত নিয়মিতভাৱে মইশ্ব’ৰাইজাৰ লগাব

• কপাহী তথা আৰামদায়ক কাপোৰ পৰিধান কৰিব

মন্তব্য

পঢ়িব পাৰে

কলা জামুৰ চৰবত

ৰিমা বৰা উপকৰণ ১/ জামু ২/ চেনি সোৱাদ অনুসৰি ৩/ নিমখ সুৱাদ অনুসৰি ( মই …