ৰেচিপি: ফলমূলেৰে চাগুৰ পায়স

ৰিমা বৰা

উপকৰণ:

১/ চাগু

২/ গাখীৰ

৩/ চেনি

৪/ ইলাচী গুৰি

৫/ নাৰিকল (গুৰি বা ৰুকি লোৱা)

৬/ পছন্দৰ ফল দুই-তিনি বিধ মান ( মই আম,প্লাম, আপেল ব্যৱহাৰ কৰিছো ।)

৭/ ড্ৰাইফ্ৰুইটছ পচন্দ মতে লব ( মই ছেৰী আৰু খিচমিচ ব্যৱহাৰ কৰিছো ।)

প্ৰণালী:
প্ৰথমে পায়স খিনি বনাই লব লাগে ।তাৰ বাবে চাগু আধা ঘন্টা তিয়াই ধুই লব লাগে ।পাত্ৰ এটাট গাখীৰ গৰম হব দিব গাখীৰ উতলি আহিলে গেছ কমাই তাত চেনি আৰু ইলাচী গুৰি দি চাগু খিনি দি লৰাই থাকিব লাগে ।তাৰ পিছত তাত মই শুকান নাৰিকল গুৰি অলপ দিলোঁ আৰু পায়স খিনি ডাঠ হোৱালৈ লৰাই থাকিলো ।পায়স ঘন হোৱাত গেছ বন্ধ কৰি সেই খিনি ফ্ৰীজত ঠাণ্ডা হবলৈ কিছুসময় থলো । খোৱাৰ আগ মূহুৰ্তত ফলমূল সমূহ সৰু সৰু কৈ কাটি ললোঁ ।পৰিবেশন কৰিব বাবে পছন্দৰ গ্লাছৰ পাত্ৰ লৈ প্ৰথমে এটা তৰপ ফল দ্বিতীয় টো চাগু ।এই দৰে তৰপ তৰপ কৈ সজাই একেবাৰে ওপৰৰ তৰফটো চাগু দি খিচমিচ আৰু ছেৰী দিলোঁ । কাষত আপেল পাতলকৈ কাটি লগাই দিলোঁ । খাবলৈ বিৰাট ভাল হয় এই বিধ মিঠা ব্যঞ্জন ।

গৰমত শিশু , ডাঙৰ ,তথা ব্ৰত কৰা সকলে খাব পৰা এটি সুন্দৰ আৰু সুস্বাদু মিঠা ব্যঞ্জন । চাগু খালে পেত ঠাণ্ডা হৈ থাকে ।

মন্তব্য

পঢ়িব পাৰে

কলা জামুৰ চৰবত

ৰিমা বৰা উপকৰণ ১/ জামু ২/ চেনি সোৱাদ অনুসৰি ৩/ নিমখ সুৱাদ অনুসৰি ( মই …