চুলি অকালতে পকা কেনেকৈ ৰোধ কৰিব আপুনি জানেনে

ডা: মুকুল শৰ্মা (সংগৃহীত)

চুলি অকালতে পকা ৰোধৰ বাবে কিছুমান ঘৰুৱা বিধান

*কেইটুকুৰামান আমলখি অলপমান নাৰিকল তেলৰ লগত উতলাব লাগে মিশ্ৰণটোৰ বৰণ ক’লা নোহোৱা লৈকে। এই মিশ্ৰণটো চুলিত লগাব পৰা যায়।

*আদাৰ সৰু সৰু টুকুৰা বা গুড়ি দৈনিক মৌৰ লগত মিহলাই সেৱন কৰিলেও চুলিৰ অকাল পক্কতা ৰোধত সহায় কৰে।

*নাৰিকলৰ তেল আৰু নেমুৰ ৰস চুলিৰ গূৰিত মালিচ কৰিলেও অকাল পক্কতা ৰোধ কৰিব পৰা যায়।

*নাৰিকল তেলৰ লগত নৰসিংহৰ পাত উতলাই লব লাগে যেতিয়ালৈকে পাতখিনি ক’লা নপৰে। ইয়াক মূৰৰ ছাল আৰু চুলিত টনিক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ই চুলি সৰা লগতে চুলিৰ অকাল পক্কতা ৰোধত সহায় কৰে। নৰসিংহৰ পাতত থকা এবিধ ৰঞ্জক পদাৰ্থই চুলিৰ স্বাভাৱিক ৰং ঘূৰি অহাত সহায় কৰে। নৰসিংহৰ পাতক দৈৰ লগতো ব্যৱহাৰ কৰিব পৰা যায়।

*২ চামুচ হেনাৰ চূৰ্ণ, ১ চামুচ দৈৰ ঘোল, এচামুচ মেথিৰ পেষ্ট, ৩ চামুচ কফি, ২ চামুচ তুলসী পাতৰ পেষ্ট আৰু তিনি চামুচ পদিনাৰ ৰস মিহলাই চুলিত লগাই তিনি ঘণ্টা পিছত চেম্পুৰে ধুই দিব লাগে। নিয়মিত এই মিশ্ৰণৰ ব্যৱহাৰ কৰিলেও চুলিৰ অকাল পক্কতা ৰোধ কৰিব পৰা যায়।

*পিয়াঁজৰ ৰসো অকাল পক্কতা ৰোধ কৰাৰ বাবে উপকাৰী হয়।

*নেমুৰ পানীৰে মূৰ ধুলেও অকাল পক্কতা ৰোধত সহায়ক হয়।

*আমলখিৰ ৰস, আলমণ্ড তেল আৰু নেমুৰ ৰস এই মিশ্ৰণটোও ব্যৱহাৰ কৰিব পৰা যায়।

*কেইটুকুৰামান শুকান আমলখি কেইঘন্টামানৰ বাবে পানীত তিয়াই ৰাখি ইয়াক উতলোৱা চাহপানী, এচামুচ ইউকেলিপ্টাচ্ তেলৰ লগত মিহলাই এটা লোহাৰ পাত্ৰত গোটেই ৰাতি ৰাখি এই মিশ্ৰণটো দৈ, নেমুৰ ৰস আৰু এটা কণীৰ লগত মিহলাই ৰাতিপুৱা চুলিত লগালেও সুফল পোৱা যায়। ইয়াক প্ৰতি পোন্ধৰ দিনৰ মূৰত এবাৰ ব্যৱহাৰ কৰিব পৰা যায়।

*দৈনিক আমলখিৰ ৰস সেৱন কৰিলেও চুলিৰ স্বাভাৱিক বৰণ ঘূৰি আহে।

মন্তব্য

পঢ়িব পাৰে

কলা জামুৰ চৰবত

ৰিমা বৰা উপকৰণ ১/ জামু ২/ চেনি সোৱাদ অনুসৰি ৩/ নিমখ সুৱাদ অনুসৰি ( মই …