কাৰ্বি আংলঙৰ ঘটনা আৰু ছ’চিয়েল মিডিয়া: গৃহ বিভাগে নজৰ দিয়ক

অসম সংবাদৰ প্ৰতিবেদন: দুজন সুঠাম, প্ৰতিভাবান যুৱকক নৃশংসভাৱে হত্যা কৰা হ’ল কাৰ্বি আংলঙৰ ডকমকাৰ পানীজুৰি গাঁৱত৷ একাংশ উন্মাদ লোকৰ নৃশংসতাই চোদিশে জোকাৰি গ’ল৷ এই ঘটনা চূড়ান্ত নিন্দনীয়৷ কিন্তু এই ঘটনাৰ পিচতে আৰু বিষবাস্প বিয়পিছে ছ’চিয়েল মিডিয়াযোগে৷ একাংশই কাৰ্বি লোকক আক্ৰমণ কৰি ফে’চবুকত মন্তব্য কৰাৰ লগতে একাংশই হোৱাটছএপৰ জৰিয়তেও আপত্তিজনক বাৰ্তা বিয়পাইছে৷ আন একাংশই আকৌ হিন্দু-মুছলমানৰ প্ৰসংগ টানি আনিও সাম্প্ৰদায়িক মন্তব্য কৰিছে৷ ৰাজনীতিও ৰৈ থকা নাই৷ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে এচামে হিন্দু বাংলাদেশীৰ প্ৰসংগ লৈও আপত্তিজনক মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ এয়া নিশ্চয় শুভ লক্ষণ নহয়৷ এনেদৰেই নিয়ন্ত্ৰণহীন ছ’চিয়েল মিডিয়াযোগে বিয়পিছে অশুভ বাৰ্তা৷ বিষবাস্প৷ স্বাভাৱিকতে ছ’চিয়েল মিডিয়াৰ প্ৰতিটো বাৰ্তাই এতিয়া পৰ্যবেক্ষণ কৰাৰ সময় আহি পৰিছে৷ ৰাজ্যৰ গৃহ বিভাগে ছ’চিয়েল মিডিয়াৰ ওপৰত সূক্ষ্ম নজৰ ৰখাটো প্ৰয়োজন হৈ পৰিছে৷ নহ’লে পুনৰ ভাতৃঘাটী সংঘৰ্ষ যে নহ’ব সেয়া ডাঠি ক’ব নোৱাৰি৷ ৰাজ্য চৰকাৰ, গৃহ বিভাগ সষ্টম হওক৷ নিয়ন্ত্ৰণ কৰক ছ’চিয়েল মিডিয়া৷ মন কৰিবলগীয়া যে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈও বেছি দিন নাই৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …