ৱিকিপিডিয়াত চাঞ্চল্যকৰ তথ্য: ভয়ানক স্থানৰূপে চিহ্নিত হ’ল ডকমকা

অসম সংবাদৰ প্ৰতিবেদন: প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেদৰ সজাই বিজ্ঞাপনৰ নামত লাখ লাখ টকাৰ শৰাধেৰে ৰাজ্য চৰকাৰে যিমানেই বিশ্বজুৰি ঢাক-ঢোল নবজাওক কিয়, কাৰ্যত: সেয়া যেন প্ৰহসনতহে পৰিণত হবলৈ গৈ আছে ৷ প্ৰকৃতিৰ ৰম্যভূমি অসমলৈ প্ৰতিবছৰে বিদেশী পৰ্যটকৰ সোঁত বয় ৰাজ্যখনত থকা কাজিৰঙা, মাজুলীকে ধৰি বিভিন্ন পৰ্যটনস্থলীলৈ ৷ অনুৰূপ ধৰণে বহুতো পৰ্যটকক হাত বাউলি মাতে সেউজ কাৰ্বি পাহাৰৰ অপৰূপ সৌন্দৰ্যই৷ সেয়েহে কাৰ্বি আংলং জিলাখনত থকা কেবাটাও পৰ্যটনস্থলীলৈও পৰ্যটকৰ সোঁত বোৱা দেখা যায় প্ৰতিবছৰে ৷ তাৰ ভিতৰত অন্যতম হৈছে ডকমকাৰ সমীপত থকা কান্থিলাংছ জলপ্ৰপাত ৷

এই জলপ্ৰপাতটোৰ সৌন্দৰ্যই যিকোনো লোককে মোহিত কৰি পেলাব পাৰে ৷ কিন্তু দুখৰ বিষয়, এচাম নৰাধমৰ বাবেই ডকমকাৰ সেই অপৰূপ সৌন্দৰ্যৰ কান্থিলাংছ জলপ্ৰপাত চাবলৈ এতিয়া আৰু পৰ্যটকে তালৈ যাবলৈ এশবাৰ চিন্তা কৰিব ৷ কাৰণ যোৱা শুক্ৰবাৰে সেই জলপ্ৰপাতটোৰে সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল উন্মত্ত লোকৰ হাতত প্ৰাণ দিবলগীয়া হ’ল মহানগৰীৰ দুজন যুৱকে ৷ এই লৈ ৰাজ্যৰ চৌদিশৰ লগতে ৰাজ্যৰ বাহিৰতো প্ৰতিবাদৰ জোৱাৰ উঠিল ৷ ৰাজ্যৰ লগতে দেশ-বিদেশৰ সংবাদ মাধ্যমতো বিষয়টোৱে প্ৰচাৰ লাভ কৰিলে ৷ কিন্তু লক্ষণীয় কথাটো হ’ল এই যে উক্ত বিষয়টোৱে শেহতীয়াকৈ স্থান লাভ কৰিলে ৱিকিপিডিয়াতো ৷ উল্লেখ্য যে, ৱিকিপিডিয়া হ’ল এনে এক মুক্ত বিশ্বকোষ, য’ত যিকোনো বিষয় এটাৰ ওপৰত বিশ্বৰ যিকোনো ঠাইৰ লোকেই সন্ধান কৰিলে উপলব্ধ তথ্যসমূহৰ বিষয়ে বিশদভাৱে জানিব পাৰে ৷

ৱিকিপিডিয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ডকমকাৰ স্থানীয় লোকে পৰ্যটকক আক্ৰমণ কৰাৰ কথা ৷ এতিয়া বিশ্বৰ যিকোনো প্ৰান্তৰ লোকেই ৬৬% শিক্ষিতৰ হাৰ থকা বুলি ৱিকিপিডিয়াতে উল্লেখ থকা ডকমকাৰ বিষয়ে যদি জানিবলৈ সন্ধান কৰে তেন্তে এখন পৃথক ছবিহে ৱিকিপিডিয়াত পঢ়িবলৈ পাব ৷ স্বাভাৱিকতে এই কথাটোৱে যে পৰ্যটনক্ষেত্ৰত এক প্ৰভাৱ পেলাব সেয়া ধুৰূপ৷ এইক্ষেত্ৰত সময় থাকোতেই ৰাজ্যৰ পৰ্যটন বিভাগক বিষয়টো গুৰুত্বসহকাৰে লৈ এক সময়োচিত পদক্ষেপ লবলৈ কাৰ্বি আংলংবাসীয়ে অনুৰোধ জনাইছে ৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …