অজগৰে গোটে গোটে মহিলাক গিলিলে ক’ত ?

নিউজ ডেস্ক, অসম সংবাদ: এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল ইণ্ডোনেছিয়াত ৷ এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলিলে এগৰাকী মহিলাক ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা । মুনা দ্বীপৰ পাৰ্ছিয়াপান লৱেলা গাঁৱত সংঘটিত হয় এই ঘটনা। নিজ বাগিছাৰপৰা ঘৰলৈ উভটি অহাৰ পথত ৫৪ বছৰীয়া ৱা টিবা নামৰ মহিলাগৰাকীক এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলি পেলায় ৷

মহিলাগৰাকী নিশাৰ ভাগতো ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক তথা গাঁৱৰ লোকে বিচাৰ খোচাৰ কৰাৰ পিছত মহিলাগৰাকীৰ চেণ্ডেল উদ্ধাৰ হোৱা স্থানৰ একেবাৰে নিচেই সমীপত প্ৰত্যক্ষ কৰে এডাল প্ৰায় সাতমিটাৰ দৈৰ্ঘৰ প্ৰকাণ্ড অজগৰ ৷ পিছত অজগৰডালৰ পেটত বৃহৎ কিবা এটা থকাৰ সন্দেহ কৰি গাঁওবাসীয়ে অজগৰডালৰ পেট ফালি পেলোৱাত গোটে গোটে ওলায় মহিলাগৰাকীৰ নিথৰ দেহ ৷ এই ঘটনাই সমগ্ৰ ইণ্ডোনেছিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …