বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?

– ধীৰেণ শইকীয়া

যেতিয়ালৈকে সমাজত সকলো শ্ৰেনীৰ লোকৰ মাজত সমতা আৰু অধিকাৰ স্থাপন নহয় তেতিয়ালৈকে বিষ্ণুৰাভাৰ গুৰুত্ব সদায় থাকিব। বিষ্ণুৰাভা আছিল সাম্য- মৈত্ৰীৰ প্ৰতীক। তেওঁ ধনী দুখীয়া সকলোৰে বাবে এই পৃথিবীখন বুলি বিশ্বাস কৰিছিল। এক কথাত হাতে কামে তেওঁ আছিল সৰ্বহাৰাৰ মুক্তিদাতা।
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে তেওঁৰ বিষয়ে লিখিছিল সেই বিখ্যাত কবিতাটো  —
“বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা,
সাৰে আছো আমি আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ; 
বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে——-“।
বিষ্ণুৰাভা আছিল শিল্পী সৈনিক,নৃতাত্বিক,সমাজবিজ্ঞানী ,
গৱেষক,চিত্ৰকৰ,গীতিকাৰ
সংগীতজ্ঞ,অভিনেতা,নৃত্যশিল্পী তথা সুনিপুন খেলুৱৈ। বিষ্ণুৰাভা এফালে আছিল শিৱৰ দৰে ভলভলীয়া আৰু আনফালে আছিল সৰ্বহাৰাৰ বাবে মুকুতিৰ কৌশল ৰচাঁ মানুহ। বিষ্ণুৰাভাই সমগ্ৰ জীৱনত কি পালে কি নাপালে বিচাৰ কৰিলে ধুৱলী কুঁৱলী ছবি এখনহে পোৱা যায়। আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন ছদ্মবেশেৰে  ছবছৰীয়া অজ্ঞাতবাসৰ সময়ছোৱাত তেওঁ বহু সাহিত্য ৰচনা কৰিছিল যদিও তাৰ বেছিভাগেই আজি পাবলৈ নাই।

২৫০০ বিঘা মাটিৰ গৰাকী হৈও
দুখীয়া মানুহৰ পক্ষত আছিল তেওঁ

ঢাকাৰ ব্ৰিটিছ সেনাৰ উচ্চপদস্থ বিষয়া  বিষ্ণুৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভাক ৰায়বাহাদুৰ উপাধি যঁচা হৈছিল। আনকি গোপাল চন্দ্ৰ ৰাভাক বেংগলৰ গৱৰ্নৰৰ এ.ডি.চি. পদলৈ পদোন্নতি দিয়া হৈছিল বুলিও জনা যায়। ঢাকাৰ গবৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰষত মাক ঠেগীৰ গৰ্ভত ১৯০৯ চনৰ ৩১ জানুৱাৰীত  বিষ্ণুৰাভাৰ জন্ম হৈছিল। সাত বছৰ বয়সত দেউতাকৰ মৃত্যু হোৱাত মাকে নটাকৈ ল’ৰা ছোৱালী লৈ তেজপুৰ
পাইছিলহি। পৰৱৰ্ত্তী সময়ত তাতেই পৰিয়ালটো থাকিবলৈ লৈছিল।  পিতৃৰ চৰকাৰী চাকৰি থকা আৰু পূৰ্বৰ পৰাই আঢ্যবন্ত আছিল হেতুকে ঢাকাত ২৫০০ বিঘা মাটি আছিল ৰাভাৰ দেউতাক বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ। ইচ্ছা কৰাহেতেন ঢাকাত সেই মাটিবাৰী চম্ভালি ঢাকিব পাৰিলেহেতেন পৰিয়ালটোৱে। কিন্তু তাকে নকৰি মনোমোহা তেজপুৰলৈ আহি লাগি গ’ল জীৱন সংগ্ৰাম কৰিবলৈ।

‘ইয়ে আজাদী ঝুথা হেয়’

জনামতে ১৯৩১ চনত বিএ পৰীক্ষা দিয়াৰ পিছত তেওঁ শিক্ষাজীৱন আধাতে সামৰি দেশৰ হ’কে কাম কৰিবলৈ ওলাল। বিপ্লৱী কমিউনিষ্ট দলৰ কৃষক,ছাত্ৰ আৰু বনুৱা সংগঠনবোৰৰ বিভিন্ন সভা সমিতিবোৰত সভাপতি হিচাপে সমগ্ৰ ৰাজ্যজুৰি তেওঁ ঘুৰি ফুৰিব ধৰিলে। সাম্যবাদী আন্দোলনৰ এজন সুনিপুণ যোদ্ধা বিষ্ণুৰাভা ১৯৪০ চন মানৰ পৰা যেতিয়া সাম্যবাদী আন্দোলনৰ দিশলৈ ঢাপলি মেলিছিল তেতিয়া তেওঁৰ বয়স আছিল ৩১বছৰ। আনকি ১৯৪৭ চনত স্বাধীনতা লাভৰ সময়তো তেওঁ ভাৰতবৰ্ষই পোৱা এই স্বাধীনতা সঁচা নহয় বুলি লিখিছিল-‘ইয়ে আজাদী ঝুথা হেয়’। 

১৯৩০ৰ সেই ঘটনাটো

১৯৩০ বৰ্ষত সন্ত্ৰাসবাদী কাৰ্যকলাপ 
বৃদ্ধি পোৱাৰ সময়ত কোচবিহাৰত থকা বৃটিছ ৰীজেনট হচিনচন চাহাবৰ বাংলোত উত্তোলিত ইউনিয়ন জেকখন নমাই তাৰ ঠাইত কংগ্ৰেছৰ পতাকাখন মনে মনে উত্তোলন কৰি  বিষ্ণুৰাভাই দেৱান নলিনীৰঞ্জন খস্তগীৰৰ আৱাসলৈ গৈ দেৱালত লিখিলেগৈ- “ৰাজ্যে আছে দুইটি পাঠা।একটি কালো একটি সাদা। ৰাজ্যেৰ যদি মংগল চাওঁ। দুইটি পাঠা বলি দাও।” পিছদিনা এই ঘটনাটোৱে সমগ্ৰ কোচবিহাৰতে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে প্ৰশাসন সক্ৰিয় হৈ পৰিছিল। উপায়হীন হৈ তেওঁ তেতিয়া কোচবিহাৰতে আত্মগোপণ কৰিবলৈ লয়।

সংস্কৃতিৰ বৰঘৰত বিষ্ণুৰাভা

মানৱ সংহতি,মানৱ প্ৰেম,বিশ্ব ভাতৃত্বৰ জয়গান গাই খাটি খোৱা মানুহৰ বাবেই লিখিছিল-‘বল বল বল কৃষক শক্তি দল আগবাঢ়ি যাও বল ঐ আগবাঢ়ি যাও বল।’মেহনতী জনতাক উৎসাহ জনাবলৈকে লিখিছিল-‘বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে, নাচা তমোহৰ দেউ নাচা’। একেদৰে পৰজনমৰ মিলনৰ আকাংক্ষাত লিখিছিল-‘পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জন্মৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। ‘বিষ্ণুৰাভাই শংকৰদেৱৰ ভাব আদৰ্শৰ প্ৰতি বিশ্বাসভাজন হৈ লিখিছিল -‘অ অসমীয়া ডেকা দল।আজি তোৰ তেজাল বদন মলিন কিয় হ’ল?’তেওঁ প্ৰতিটো মুহূৰ্ততে বুজিছিল পৰাধীনতাৰ শিকলি এডালেৰে আমাক বান্ধি পেলোৱা হৈছে।এই শিকলিডাল নোখোলা পৰ্য্যন্ত আমাৰ মুক্তি অসম্ভৱ। সেয়ে তেওঁ লিখিছিল: ‘ভাঙ ভাঙ ভাঙ অ,লোহাৰ শিকলিৰ ভাঙ—-‘।
বিষ্ণুৰাভাৰ  সংগ্ৰাম আছিল শোষনকাৰীৰ বিৰুদ্ধে। ধনৰ লোভে কাহানিও তলাব নোৱাৰা বিষ্ণুৰাভাই তাণ্ডৱ নৃত্য পৰিৱেশন কৰিছিল কলিকতাৰ Globe theatreত। তাকে দেখি নৃত্যশিল্পী উদয়শংকৰে কৈছিল: ‘There are some pecularities in Mr. Rava’s Dance, which I must learn’। একেদৰে কাশী বিশ্ববিদ্যালয়ত ১৯৪০ চনত নৃত্য পৰিবেশনৰ পিছত উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক ভূয়সী প্ৰশংসা কৰিছিল। চিৰাজ, মনোমতী, ইন্দ্ৰমালতী, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আদি ছবিৰ লগত জড়িত নৱ নাট্য আন্দোলনৰ  ভগীৰথ নটৰাজ, সুৰদেৱী, পূৰ্বজোতি আদি কেইবাখনো থিয়েটাৰত তেওঁ অভিনয় তথা নাটক লিখিছিল। তেওঁৰ ‘এমুঠি চাউল’এখন জনপ্ৰিয় নাটক।

মন্তব্য

পঢ়িব পাৰে

নাগৰিকত্ব সংশোধনী বিধেয়ক কি ?

ভাৰতীয় সংবিধানৰ ৫-১১ নং অনুচ্ছেদত সন্নিৱিষ্ট নাগৰিকত্বৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে। সংবিধানে ভাৰতীয় সংসদক নাগৰিকত্ব …