নৱাগতা অভিনেত্ৰী বিস্মিতা বৰুৱা

ধনজিৎ দাস

দৰং জিলাৰ মঙ্গলদৈ চহৰৰ এখন সৰু ভিতৰুৱা গাঁওৰ হেঙ্গালপাৰাৰ নিবাসী বিস্মিতা বৰুৱা ।
সৰুৰে পৰা বিভিন্ন মঞ্চত নৃত্য-নাট প্ৰদৰ্শন কৰি আহিছিল অভিনেত্ৰী গৰাকীয়ে । এই ক্ষেত্ৰত তেওঁৰ মাক দেউতাকৰ লগতে ঘৰৰ সকলোৱে তেওঁক প্ৰেৰণা দিছিল । তেওঁ ৭ম মান শ্ৰেণীত পঢ়ি থকা অৱস্থাত তেওঁলৈ এখন ভিচিডি ছবিৰ প্ৰস্তাৱ আহিল আৰু সেই “বৰলাৰ চুপাৰ ধামাকা” নামৰ ভিচিডি খনৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখলৈ আহে । তাৰ পিছত ক্ৰমে- “গাৱলীয়া ছোৱালী”, “ময়ুৰী”, “ঝংকাৰ” আদিৰ দৰে ভিডিও ছবিত অভিনয় কৰাৰ লগতে বিস্মিতা বৰুৱাই বিভিন্ন ধৰণৰ ভিডিও গানত অভিনয় কৰিবলৈ সক্ষম হয় । মনজিৎ শৰ্মাৰ পৰিচালনাত মেগা চিৰিয়েল “য়ে দোস্তি” নামৰ চিৰিয়েল খনত প্ৰস্তুতি পৰাশৰৰ লগত একেলগে অভিনয় কৰে অভিনেত্ৰী বিস্মিতাই ।


বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত সাংবাদিকতা বিষয়ত অধ্যয়ণ কৰি থকাৰ লগতে বৰ্তমান এগৰাকী সত্ৰীয়া নৃত্যৰ ছাত্ৰী । আনহাতে বৰ্তমান মুন্না আহমেদৰ তত্ত্বাৱধানত অভিনয়ো শিকি আছে বিস্মিতাই । জনা হোৱাৰ পৰাই দেউতাকৰ লগত ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ যোৱা বিস্মিতাই মনত বহুতো হেপাহ পুহি ৰাখিছিল যে মইও এদিন ভ্ৰাম্যমাণ যাম অভিনয় কৰিম অৱশেষত তেওঁৰ আশা সাৰ্থক হ’ল ২০১৮-১৯ নাট্যবৰ্ষত প্ৰয়াত ৰতন লহকৰ দেৱৰ স্মৃতি বিজড়িত ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম শ্ৰেষ্ঠ নাট্যদল “কহিনুৰ থিয়েটাৰ”ত এইগৰাকী প্ৰতিভাৱান অভিনেত্ৰীৰ চুক্তিবদ্ধ হয় ।

মন্তব্য

পঢ়িব পাৰে

জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত কপিলী পাৰ

কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞা,অসম সংবাদ: কামপুৰ চাংচকীত ৫০ বছৰ গৰকা বিহু সন্মিলনিত এইবাৰ ব্যতিক্ৰমী পদক্ষেপ …