ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ চাৰিআলিত প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা চুনেইনা সিং নামৰ এগৰাকী বৃদ্ধাই অচিনাক্ত বাহনৰ খুন্দাত মৃত্যুক আঁকোৱালি লোৱাৰ পাছতে আকৌ আন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কছুমাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত মাৰুতি চুজুকী এ ষ্টাৰ আৰু য়ামাহা ৰে স্কুটীৰ মাজত হোৱা সংঘটিত মুখামুখি সংঘৰ্ষত এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিবৰণী অনুসৰি শনিবাৰে দুপৰীয়া বকতা পাটসাকোঁৰ পৰা AS-04-H-7852 নম্বৰৰ এ ষ্টাৰ গাড়ীখনেৰে ডিমৌ গড়ভগালৈ আহি থকাৰ পথত বিপৰীত দিশৰ পৰা AS-06-Q-6157 নম্বৰৰ তীব্ৰবেগী স্কুটীখনে এ ষ্টাৰ গাড়ীখনত খুন্দা মাৰে ফলত স্কুটীখনৰ চালক তথা ডিমৌ কণিষ্ঠ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ৰূপম সোণোৱাল থিতাতে নিহত হোৱাৰ লগতে অংকুৰ ৰবি নামৰ আন এজন ছাত্ৰ গুৰুতৰ ভাবে আহত হয়। ইফালে এই দুৰ্ঘটনাত চুজুকী এ ষ্টাৰ খনৰ চালক মিনাৰাম বৰুৱা আৰু পত্নী জ্যোতিময়ী বৰুৱাও আহত হয়। দুৰ্ঘটনাত আহত ব্যক্তিসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে তিনিও জনক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ডিমৌত একেদিনাই এগৰাকী মহিলা আৰু এজন ছাত্ৰৰ মৃত্যুত সমগ্র ডিমৌ অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …