“খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সময় এয়া”: নগাঁৱৰ চকলাঘাটত প্ৰাক্তন আলফা নেতা জীতেন দত্ত

অসম সংবাদ, বেবেজীয়া: “জাতি,ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সকলো খিলঞ্জীয়া ঐক্যবদ্ধ হোৱাৰ সময় এয়া। খিলঞ্জীয়াৰ অস্তিত্ব সংকটৰ সময়ত মই হাত সাবটি বহি নাথাকো, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম।মই ভাৱো এই সংকল্প প্ৰতিজন অসমীয়া যুৱকে লোৱাৰ সময় আহি পৰিছে। অামি গণতান্ত্ৰিক সংগ্ৰাম কৰিছো, গণতান্ত্ৰিক সংগ্ৰামক যদি ভাৰত চৰকাৰে বা অসম চৰকাৰে ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে, এই সংগ্ৰামক যদি সন্মান প্ৰদৰ্শন নকৰে তেন্তে অসমৰ যুৱ শক্তিয়ে অগণতান্ত্ৰিক পথ গ্ৰহণ কৰি জাতিটোক ৰক্ষা কৰিবলৈ প্ৰস্তুত অাছে” – এই মন্তব্য প্ৰাক্তন আলফা নেতা জীতেন দত্তৰ। নগাঁৱৰ চকলাঘাটৰ গান্ধীপথাৰত আয়োজিত এক সজাগতা সভাত অংশ লৈ আলফা নেতাগৰাকীয়ে কেন্দ্ৰীয় ৰেলৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইকো গণশত্ৰু আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰে। দত্তই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনোৱাৰ লগতে এইক্ষেত্ৰত জাতি-মাটি ভেটিৰ কথা কোৱা চৰকাৰখন ক খিলঞ্জীয়াৰ পক্ষত থাকি কাম কৰিবলৈ সকিয়নি প্ৰদান কৰে।ইয়াৰ পূৰ্বে এক বাইক ৰেলীৰে নগাঁৱৰ চকলাঘাটত উপস্থিত হোৱা জীতেন দত্তই ভাগ লোৱা সভাখনিত চকলাঘাটৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …