ভগামুখ আৰক্ষীৰ চুলাই বিৰোধী অভিযান: তিনি হাজাৰৰ লিটাৰ চুলাই নষ্ট, লালীগুৰ জব্দ

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: যোৰহাট জিলাৰ ভগামুখ আৰক্ষীয়ে যোৱা ২২ জুনৰ নিশা ভগামুখ তামুলীগাঁৱত অভিযান চলাই এটা বৃহৎ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু হাজাৰ লিটাৰ চুলাই থলীতে নষ্ট কৰি পেলাই। জানিব পৰা মতে ভগামুখ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল শৰ্মাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ভগামুখ তামুলীগাঁৱৰ মণি গগৈ নামৰ চুলাই ব্যৱসায়ীটোৰ ঘৰত অতৰ্কিতে অভিযান চলাই প্ৰায় ৩০০০ লিটাৰ চুলাই ঠাইতে নষ্ট কৰাৰ লগতে চুলাই নিৰ্মানত ব্যৱহৃত বিভিন্ন সা-সজুলি জব্দ কৰে। আৰক্ষী দলটোৱে চুলাই ভাটিটোৰ পৰা চুলাই প্ৰস্তুতৰ বাবে অনা কেইবাটিং লালীগুৰ জব্দ কৰে। উল্লেখযোগ্য যে ভগামুখ আৰক্ষী থানাৰ এলেকাৰ ৰাজহুৱা ঘাট তিনিআলি, তামুলীছিগা, খনামুখ আদি এলেকাত চুলাই মদৰ লগতে দেশী বিদেশী সুৰাৰ অবাধ প্ৰচলনে অঞ্চলটোৰ সামাজিক পৰিবেশ বিনষ্ট কৰি তুলিছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …