চিৰাঙৰ ঢালিগাঁওত সদৌ অসম উকিল সন্থাৰ পঞ্চম কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

অসম সংবাদ, চিৰাং : আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থাৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় সদৌ অসম উকিল সন্থাৰ পঞ্চম কাৰ্য্যনিৰ্ব্বাহক সভা । এই সভাত অংশগ্ৰহন কৰে আইন আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য । মন্ত্ৰী জনে উকিল সন্থাৰ কেবাটাও দাবী সমাধানৰ প্ৰতি সহাৰি জনাই কয় মই যিহেতু নিজেও এজন উকিল আছিলো । বিধায়ক হৈ থাকোতে সন্থাৰ সদস্য আছিলো কিন্ত মন্ত্ৰী হোৱাৰ লগে লগে মই প্ৰাক্তন সদস্য হবলগীয়া হৈছে । কাৰন মই এতিয়া চৰকাৰত আছো । নিজৰ ওকালতি জীৱনৰ কিছু কথা কোৱাৰ লগতে তেওঁ কয় যে উকিল সকলে সদায় অধিকাৰৰ বাবে মাত মাতে কিন্ত দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি উদাশিন । আমি উকিল সকলৰ ওপৰত সমাজ নিৰ্ভৰশীল । আমি ইচ্ছা কৰিলে সমাজ সলনি কৰি দিব পাৰো । আমি সমাজক উত্থান-পতন দুয়োটা কৰিব পাৰো । গতিকে আমি গুৰুত্ব সহকাৰে আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ থাকিব লাগিব । তেওঁ বৰ্তমান সঘনাই হৈ থকা মৰেল পুলিচগিৰীৰ বিষয়ে কয় যে কঠোৰ আইন আছে এই ক্ষেত্ৰত । তেওঁ সংবাদ মাধ্যমকো এই ক্ষেত্ৰত মৰেল পুলিচৰ বিষয় সমুহ বাৰে বাৰে টিভিত নেদেখূৱাবলৈ কয় কাৰন তেওঁলোকে উৎসাহিত হয় বুলি কয় মন্ত্ৰী জনে । শিক্ষাৰ ক্ষেত্ৰত কয় ভাৰত-ভূটান সীমান্তৰ এলেকাবোৰত শিক্ষক সকল যাব নিবিচাৰে তাৰ বাবে আমি ব্যৱস্থা লৈ আছো । অসমৰ ৫০ খন কলেজত বিজ্ঞান বিষয়টো দিয়াৰ সুবিধা পাইছো । টেট পৰিক্ষা উত্তীৰ্ণ হোৱা মানেই চাকৰি পোৱা নহয় । যত প্ৰয়োজন হয় তাতেহে শিক্ষক দিব পৰা যায় । বিটিচি টেটৰ বিষয়টো আমি বিটিচি কৰ্তৃপক্ষ আৰু টেট উত্তিৰ্ণ সন্থাৰে আলোচনাৰে সমাধানৰ চেষ্টা কৰিম । ইতিমধ্যে তেওঁলোক মোৰ ওচৰত আহিছিল । ইয়াত আমাৰ কিছু অসুবিধা আছে, যেনে বড়ো ভাষাৰ শিক্ষক আমি পোৱা নাই ,পদ আছে শিক্ষক নাই। গতিকে আমি এইবোৰ লাহে লাহে সমাধানৰ চেষ্টা কৰিম ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …